নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমষ্টি তিতাবৰ- পঞ্চায়ত মৰিয়নিতঃ ৰাইজে গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰিলে পথ

নিয়মীয়া বাৰ্তা, ৮ নৱেম্বৰ: মৰিয়নি আৰু তিতাবৰ বিধান সভা সমষ্টিৰ সীমাত অৱস্থিত নগাধুলি অঞ্চল বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে । দুয়োটা সমষ্টিত সীমাত অৱস্থিত হোৱাৰ বাবেই সন্মুখীন হৈছে তেনে সমস্যাৰ । কিন্তু তাতকৈও অধিক সমস্যাৰ সন্মুখীন হৈছে আন এক কাৰণত । উক্ত ঠাই মৰিয়নিৰ অন্তৰ্গত যদিও বিধান সভা সমষ্টি তিতাবৰৰহে অন্তৰ্গত । অৰ্থাৎ সমষ্টি তিতাবৰ যদিও পঞ্চায়ত মৰিয়নি সমষ্টিৰ অন্তৰ্গত এই নগাধুলি অঞ্চল । ফলত দুই নাৱত দুই ভৰি সদৃশ হৈ পৰিছে অঞ্চলটোৰ ৰাইজৰ । ৫৯ নং দক্ষিণ কাটনী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৭ নং ৱাৰ্ডৰ ৰাইজে দীৰ্ঘদিন ধৰি এটা পথ মেৰামতিৰ দাবী জনাই আহিছিল । ৭ নং ৱাৰ্ডৰ মছজিদৰ কাষৰ পথটোৰ বিশেষকৈ ধোদৰ আলি সংযোগী অংশছোৱা অতি বিপদজ্জনক হৈ পৰাৰ একাধিক দুৰ্ঘটনা সংঘটিত হৈছে । আনহাতে, বিশেষকৈ বৰষুণ দিলে পথটোৰে যাব নোৱাৰা পৰিস্থিতিৰ উদ্ভৱ হয় । শতাধিক পৰিয়ালে বাসকৰা অঞ্চলটোৰ ৰাইজে দীৰ্ঘদিন ধৰি জীয়াতু ভূগি আহিছে । পঞ্চায়তখনৰ সভাপতি অলেন পাটনায়কক বাৰাম্বাৰ অনুৰোধ জনোৱাৰ পিছতো কোনো গুৰুত্ব নিদিলে বুলি অঞ্চলটোৰ ৰাইজে জানিবলৈ দিছে । তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱাকো পথটো মেৰামতিৰ সন্দৰ্ভত অনুৰোধ জনোৱা হৈছিল । অৱশ্যে বিধায়ক বৰুৱাই পথটো পৰিদৰ্শন কৰি নিজাববীয়াকৈ হ’লেও মেৰামতি কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে । লক্ষণীয় যে, পঞ্চায়ত নিৰ্বাচনৰ সময়ত এই পথটো মেৰামতি কৰাত প্ৰতিশ্ৰুতি দিছিল । কিন্তু পৰৱৰ্তী সময়ত সেই প্ৰতিশ্ৰুতি অসাৰ প্ৰতিপন্ন হ’ল । জনপ্ৰতিনিধিৰ এনে কাৰ্য্যক অঞ্চলটোৰ ৰাইজে সমালোচনা কৰিছে । অৱশেষত উপায়ন্তৰ হৈ আজি অঞ্চলটোৰ ৰাইজ ওলাই আহে । ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি, শ্ৰমদান কৰি পথটোৰ এছোৱা নিৰ্মাণ কৰি উলিয়ায় । পথটোৰ ধোদৰ আলি সংযোগী অংশছোৱা ৰাইজে লগ লাগি, শ্ৰমদান কৰি নিৰ্মাণ কৰি উলিওৱাৰ দুৰ্ঘটনা সংঘটিত নহ’ব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে ।

You might also like