সস্তীয়া জনপ্ৰিয়তা অৰ্জনৰ বাবে গুৰুজনাৰ সৃষ্টিৰাজীক আহিলা হিচাপে লোৱাটো দুৰ্ভাগ্যজনকঃ ড° পিতাম্বৰ দেৱ গোস্বামী
নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কেলিগোপাল নাটকৰ আধাৰত মাজুলীৰ সত্ৰ সমুহত শতবৰ্ষৰ আগৰ পৰাই শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা উদযাপন হৈ আহিছে ৷ কিন্তু শেহতীয়াকৈ ৰাজ্যৰ মৰিগাঁৱত আয়োজন কৰা এখন ৰাস উদযাপন স্থলিত ৰাসৰ নামত আধ্যাত্মিক তত্ব আৰু গুৰুজনাৰ অমৰ সৃষ্টিৰাজীক ভেঙুচালি কৰা কাৰ্য্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মাজুলীৰ সত্ৰাধিকাৰ, শিল্পী আৰু সাংস্কৃতিক কৰ্মী সকলে ।
সত্ৰভুমী মাজুলীৰ ঐতিহাসিক সত্ৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পিতাম্বৰ দেৱ গোস্বামীয়ে কয় যে ভাঁওনা বা ৰাসক লৈ বহুৱালি কৰিব নাপায় ৷ সস্তীয়া জনপ্ৰিয়তা অৰ্জনৰ বাবে প্ৰয়াস কৰি গুৰুজনাৰ সৃষ্টিৰাজীক আহিলা হিচাপে লোৱাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে সত্ৰাধিকাৰ জনে ৷ আৰু যদি এই দৰে বহুৱালি, বিভ্ৰান্তি কৰে তেতিয়া ভাঁওনাৰ মূল কাঠামো নষ্ট হব আৰু ই আমাৰ সমাজ জীৱনৰ বাবে শুভলক্ষ্যণ নহয় বুলি মন্তব্য কৰে সত্ৰাধিকাৰ জনে ৷
ইফালে জিলাখনৰ আন্ত:ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বিশিষ্ট মূখাশিল্পী ড০ হেমচন্দ্ৰ গোস্বামীয়ে মৰিগাৱৰ ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় , অসম আৰু অসমীয়াক ভালপোৱা লোকে এনে গৰ্হিত কাৰ্য কেতিয়াও কৰিব নোৱাৰে ৷ মহাপুৰুষজনাৰ জন্মস্থানৰ কাষতে ই অতি নিন্দনীয় কাৰ্য সংঘটিত হৈছে । তেওঁ আৰু ক্ষোভেৰে কয়, শংকৰী সংস্কৃতি বিকৃত কৰিবলৈ এটা দুষ্ট চক্ৰই অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু ৰাসলীলা বিকৃত কৰা ঘটনা তাৰেই প্ৰতিফলন । ষড়যন্ত্ৰকাৰীয়ে কঠোৰ শাস্ত্ৰী পোৱা উচিত” । শ্ৰী শ্ৰী ভোগপুৰ সত্ৰৰ সত্ৰাধিকাৰ দত্তদেৱ গোস্বামীয়ে কয় যে এই ভাইৰেল ভিডিঅ সম্পৰ্কে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় ৰাস এক ঈশ্বৰীয় সত্বা এই সত্বাকলৈ বহুৱালী হোৱাটো দুৰ্ভাগ্যজনক ৷ গুৰুজনাৰ অমৰ সৃষ্টিৰাজী, শ্ৰী কৃষ্ণৰ আধ্যাত্মিক দিশক অশ্লীলতাৰ মাজলৈ নিয়া কাৰ্যল চৰকাৰেও চকু দিব লাগে ৷ এই বহুৱালী কৰাসকলক তৎকালে নিজৰ অপকৰ্মৰ বাবে অসম বাসীৰ ওচৰত ক্ষমা খোজাৰ আহ্বান জনাই সত্ৰাধিকাৰ জনে ৷
আনহাতে সাংস্কৃতিক কৰ্মী জয়ন্ত হাজৰিকাই এই কাৰ্যক সমালোচনা কৰি কয় এই দৰে অপসংস্কৃতিৰে নিজৰ ঠেক , শংকীন মানসিকতাৰ পৰিচয় দিয়টো গৰ্হিত আৰু দুখজনক ৷ মৰিগাঁৱৰ এই ৰাসে চুৰান্ত সিমা পাৰ কৰিছে ৷ গুৰু জনাৰ সৃষ্টিৰাজী ভাঁওনা হঁওক অথবা ৰাস হঁওক সকলোতে এটা অপ শক্তিয়ে অহ-ৰহ বিকৃত কৰাৰ চেষ্টা চলাই আহিছে , আগৰ সময়তো ভাঁওনা, ৰাসক , সত্ৰীয়া সংস্কৃতিক লৈ অশ্লীলতা ৰ ৰহন সনা পৰিলক্ষিত হৈ আহিছে ৷ ৰাসৰ সাত্ত্বিক সত্বাক এইদৰে ধ্বংস কৰিবলৈ লোৱা সকল শাস্তি পোৱাৰ যোগ্য বুলি মন্তব্য কৰে সমাজ কৰ্মী জনে ৷ মৰিগাঁও জিলাৰ দল – সংগঠন তথা আধ্যাত্মিক দিশৰ লগত জড়িত সকলে এইবোৰ দিশত গুৰুত্ব দিয়া প্ৰয়োজন কাৰন এই কেইজন মান বহুৱাৰ বাবে জিলা খনৰ মৰ্যদা হানী হোৱাটো দুখজনক ৷
ৰাজ্যৰ সাংস্কৃতিক মহল , ভাঁওনাৰ লগত জড়িত লোক সকলে এইবোৰ দিশত গুৰুত্ব দিয়া দৰকাৰ ৰাসৰ অমিয়া সুন্দৰ্য বৰ্তাই ৰখাৰ বাবে প্ৰতিজনেই দায়িত্ব সহকাৰে কাম কৰিব লাগিব বুলি মন্তব্য কৰে সাস্কৃতিক কৰ্মী জনে ৷ ইফালে দিনকদিনে ৰাজ্যত গুৰুজনাৰ অমৰ সৃষ্টিৰাজী ভাঁওনা, ৰাস, বৰগীত, সত্ৰীয়া নৃত্য, সাংস্কৃতি আদিকে ধৰি বিভিন্ন ক্ষেত্ৰত বৃদ্ধি হৈ অহা বহুৱালী, বিভ্ৰান্তিকৰ দিশ সমুহত ৰাইজক চুকা নজৰ ৰখাৰ আহ্বান জনাইছে মাজুলীৰ সচেতন মহলে ৷
প্ৰেৰকঃ প্ৰাঞ্জল খাউণ্ড