সাংসদ প্রদ্যুৎ বৰদলৈক জুৰীয়া থানাত সোধা–পোছা
নিয়মীয়া বার্তা, ১৩ জুলাইঃ স্বাস্থ্যবিধি উলংঘা কৰি মুফতি খাইৰুল ইছলামৰ জানাজাত লক্ষাধিক লোকৰ লগতে নগাঁও লোকসভা সমষ্টিৰ কংগ্রেছ দলৰ সাংসদ প্রদ্যুৎ বৰদলৈ আৰু মুফতিৰ পুত্র তথা ধিং সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামো উপস্থিত থকা ঘটনাই ৰাজ্যজুৰি তীব্র প্রতিক্রিয়া সৃষ্টি কৰাৰ পাছতেই যোৱা সাত জুলাইত ধিং ৰাজহ চক্রৰ চক্র বিষয়া অজিত শর্মাই ক’ৰোনা ভাইৰাছ সন্দর্ভত আৰোপিত স্বাস্থ্যবিধি উলংঘা কৰি সিদিনাৰ জানাজাত উপস্থিত থকাৰ অভিযোগ উত্থাপন কৰি নগাঁও লোকসভা সমষ্টিৰ কংগ্রেছ দলৰ সাংসদ প্রদ্যুৎ বৰদলৈৰ বিৰুদ্ধে জুৰীয়া আৰক্ষী থানাত ২৬৩/২০২০ নম্বৰত এটা গোচৰ ৰুজু কৰিছিল৷ সেই গোচৰৰ সংক্রান্ততে সাংসদ বৰদলৈয়ে আজি সোঁশৰীৰে জুৰীয়া আৰক্ষী থানাত উপস্থিত হৈ গোচৰটো সন্দর্ভত জুৰীয়া আৰক্ষী থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া মৃগেন শইকীয়াৰ আগত নিজৰ ভাষ্য প্রকাশ কৰে৷পাছত অৱশ্যে তেওঁক যাবলৈ দিয়া হয়৷
সাংসদ বৰদলৈয়ে মুফতি খাইৰুল ইছলামৰ মৃত্যুৰ জানাজাত সামাজিক দূৰত্বৰ নীতি উলংঘা কৰাক কেন্দ্র কৰি সেই সময়ত নগাঁও জিলাৰ লগতে ৰাজ্যজুৰি তীব্র প্রতিক্রিয়া সৃষ্টি হৈছিল৷ এজন জনপ্রতিনিধি হিচাপে সামাজিক দূৰত্বৰ নীতি উলংঘা কৰাৰ বিষয়টোক লৈ সচেতন মহলে তীব্র প্রতিক্রিয়া প্রকাশ কৰাৰ লগতে সাংসদ বৰদলৈৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ দাবী জনাইছিল৷ হাজাৰ হাজাৰ জনসমাগমৰ মাজত সাংসদগৰাকী ধর্মীয় গুৰুগৰাকীৰ ঘৰত উপস্থিত হোৱা ঘটনাই সকলোকে শংকিত কৰি তোলাৰ লগতে জিলা প্রশাসন আৰু আৰক্ষীকো চিন্তিত কৰি তুলিছে৷ আজি সাংসদগৰাকীক আৰক্ষীয়ে সোধা–পোছ কৰা ঘটনাই নগাঁৱত ব্যাপক চর্চা লাভ কৰিছে৷
আৰক্ষীৰ আগত নিজৰ জবানবন্দী দিয়াৰ পাছত সাংসদ বৰদলৈয়ে সাংবাদিকৰ আগত কয়– ‘মুফতি খাইৰুল ইছলামক মই আগৰ পৰাই জানিছিলোঁ৷ তেওঁ এগৰাকী বিদগ্ধ ইছলামিক পণ্ডিত আছিল৷ তেওঁক মই শ্রদ্ধা কৰিছিলোঁ৷ তাতে তেওঁৰ এজন পুত্র আমিনুল ইছলাম মোৰ একালৰ সতীর্থ বিধায়ক আছিল৷ সেয়েহে মুফতিৰ বিয়োগৰ খবৰ পাই তেওঁৰ জানাজাৰ বহু পূর্বেই মই তেওঁৰ ঘৰলৈ আহিছিলোঁ৷ মই জানাজালৈ অহাও নাছিলোঁ আৰু জানাজাত অংশও লোৱা নাছিলোঁ৷ জানাজাৰ পূর্বেই তেওঁক শ্রদ্ধাঞ্জলি জনাই গুচি আহিছিলোঁ৷ মই তালৈ মাস্ক পিন্ধি গৈছিলোঁ আৰু সম্পূর্ণ সামাজিক দূৰত্বৰ নির্দেশনা মানি চলিছিলোঁ৷’