নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাতগাঁৱত প্রশাসনৰ অগোচৰে অবৈধ বসতি

নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ  মহানগৰীৰ বিভিন্ন প্রান্তৰ পৰিত্যক্ত চৰকাৰী ভূমিত বেদখল কার্য অব্যাহত আছে৷ একাংশ সন্দেহযুক্ত লোকে অবাধে চৰকাৰী ভূমি বেদখল কৰি কিনা–বেচা কৰাৰ লগতে নিশাৰ ভিতৰতে ঘৰ সাজিছে যদিও কামৰূপ মহানগৰ জিলা প্রশাসনে এইক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ হাতীগাঁৱৰ সিজুবাৰী আৰু নটবমাৰ দোৱাত বজাৰৰ সমীপত বশিষ্ঠ নৈৰ দুয়োকাষে অবৈধ বসতি গঢ়ি উঠাৰ পাছত এইবাৰ সাতগাঁও অঞ্চলৰ চৰকাৰী ভূমিত একাংশ সন্দেহযুক্ত লোকৰ চকু পৰিছে৷ নাৰেংগী সেনা চাউনীৰ পৰা সাতগাঁও হৈ শিলসাঁকো বিলত পৰা নলাৰ দুয়োকাষে থকা চৰকাৰী ভূমি নিশাৰ ভিতৰতে বেদখল কৰি একাংশ সন্দেহযুক্ত লোকে গৃহ নির্মাণ কৰা পৰিলক্ষিত হৈছে৷ বিশেষকৈ শিলসাঁকো বিলৰ সমীপত সাই বাবা মন্দিৰৰ সমীপৰ পৰা সাতগাঁও বজাৰলৈ নলাৰ দুয়োকাষে গঢ়ি উঠিছে অবৈধ বসতি৷ তদুপৰি একাংশ ভূ–মাফিয়াই চৰকাৰী ভূমি বেদখল কৰি দেৱাল নির্মাণ কৰাৰ লগতে লাখ লাখ টকাত বিক্রী কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে৷

একাংশ স্থানীয় লোকে জানিবলৈ দিয়া মতে শিলসাকোঁ বিলৰ ভূমিত ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা অহা সন্দেহযুক্ত লোকে গৃহ নির্মাণ কৰি বসতি স্থাপন কৰিছে৷ তদুপৰি নলাৰ কাষত জুপুৰি আৰু টিনপাতৰ গৃহ নির্মাণ কৰি দীর্ঘদিন ধৰি বসবাস কৰা লোকসকলে দাগী অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ প্রাপ্ত অভিযোগ অনুসৰি সাতগাঁও নলাৰ দুয়োকাষে গঢ়ি উঠা জুপুৰিত আশ্রয় লৈ একাংশ নিষিদ্ধ ড্রাগছ আৰু অবৈধ সুৰাৰ বেহা চলাই সমগ্র অঞ্চলৰ পৰিৱেশ বিনষ্ট কৰিছে৷ দিন–দুপৰতে পথৰ দাঁতিত বহি সুৰা সেৱন কৰি একাংশ উদণ্ড যুৱকে পৰিৱেশ বিনষ্ট কৰাৰ পাছতো সাতগাঁও আৰক্ষীয়ে এইক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ ইপিনে, নলা বেদখল কৰি একাংশ সন্দেহযুক্ত লোকে গার্ডৱাল নির্মাণ কৰি বসতি স্থাপন কৰাৰ বাবে নলাৰ পানী চলাচলত বাধাৰ সৃষ্টি হৈছে৷ নলা পুতি দেৱাল নির্মাণ কৰাৰ লগতে প্লাষ্টিকৰ বটল আৰু আৱর্জনা উন্মুক্ত নলাত পেলাই পৰিৱেশ বিনষ্ট কৰিছে৷

You might also like