নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাবধান! কৰ’নাৰ চিকিৎসাৰ নামত ভুৱা চিকিৎসক

নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিলঃ কৰ’নাৰ চিকিৎসাৰ নামত একাংশ ভুৱা চিকিৎসকৰ দপদপনি। নিজকে চিকিৎসক বুলি পৰিচয় দিয়ে গাঁৱে গাঁৱে ধনৰ বিনিময়ত কৰ’নাৰ পৰীক্ষা কৰিছে এইসকল চিকিৎসকে। তেনে এজন ভুৱা চিকিৎসক আৰক্ষীৰ জালত পৰাত ওলাল উৰহী গছৰ ওৰ। ফেচবুকত ভুৱা একাউণ্ট খুলি নিজকে চিকিৎসক বুলি পৰিচয় দি সহায়ৰ বাবে আগবাঢ়ি আহিছিল এই ভুৱা চিকিৎসক কেইজন। যোৰহাটত সংঘটিত হৈছে এই ঘটনা। ভুৱা একাউণ্টৰে ফেচবুকত পোষ্ট দিয়াৰ পাছতে একংশ সচেতন লোকৰ দৃষ্টিগোচৰ হয় বিষয়টো আৰু আৰক্ষীক খৱৰ দিয়ে। আৰক্ষীয়ে এই সন্দৰ্ভত এজন যুৱকক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে।

You might also like