সামাজিক মাধ্যমযোগে ঘৃণা বিয়পোৱাৰ অভিযোগঃ বোকাজান থানাত কেইবাটাও সংগঠনৰ গোচৰ
নিয়মীয়া বাৰ্তা, ৩১ জুলাইঃ সামাজিক মাধ্যমযোগে প্ৰৰোচনামূলক তথা সাম্প্ৰদায়িক মন্তব্যৰে ঘৃণা বিয়পোৱাৰ অভিযোগ তুলি কাৰ্বি আংলংৰ তিনি ছাত্ৰ সংগঠনে বোকাজান থানাত এক এজাহাৰ দাখিল কৰিছে।

সামাজিক মাধ্যমযোগে এনে উচতনিমূলক তথা সাম্প্ৰদায়িক ঘৃণা বিয়পাব পৰা মন্তব্য প্ৰদানকাৰী যুৱকজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী তুলি বৃহস্পতিবাৰে বিয়লি জিলাখনৰ কাৰ্বি ছাত্ৰ সন্থাৰ সম্পাদক চেচং কুৰ’ ৰংফাৰ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি জিতু ফুকন আৰু ষ্টুডেন্ট এণ্ড য়ুথ কাউঞ্চিলৰ বোকাজান জিলা সমিতিৰ সম্পাদক লিভিংষ্টন তেৰাঙে বোকাজান থানাত এখন এজাহাৰ দাখিল কৰে।