সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ধুবুৰী নগৰ কমিটিৰ বিভিন্ন কাৰ্য্যসূচীৰ আয়োজন
নিয়মীয়া বাৰ্তা, ১২ আগষ্ট: ‘আজাদী কি অমৃত মহোৎসৱ’ৰ সৈতে সংগতি ৰাখি অহাকালিৰ পৰা ১৫ আগষ্টলৈ বিভিন্ন কাৰ্য্যসূচী হাতত লোৱা বুলি সদৰি কৰিছে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ধুবুৰী নগৰ সমিতিয়ে। কাৰ্য্যসূচী অনুসৰি, অহাকালি দুপৰীয়া ২টা বজাত চহৰখন ৫নং ৱাৰ্ডস্থিত সত্যনাৰায়ণ ঠাকুৰবাৰী প্ৰাংগনত স্কুলীয়া ছাত্ৰ–ছাত্ৰীসকলৰ মাজত এক চিত্ৰাংকণ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণী আৰু পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ দুটা শাখাত অনুষ্ঠিত হ’বলগীয়া সেই চিত্ৰাংকণ প্ৰতিযোগীতাখনৰ বিজেতাসকলক কালি সন্ধিয়া আয়োজিত এক নাগৰিক সভাত আনুষ্ঠানিক ভাৱে বঁটা প্ৰদান কৰা হ’ব বুলি উদ্যোক্তা গোষ্ঠীয়ে জনাইছে। উল্লেখ্যে যে, ধুবুৰী চহৰৰ পাঁচমোৰৰ সমীপৰ গ্ৰীণ নাৰ্ছাৰী নামৰ শিক্ষানুষ্ঠনখন প্ৰাংগনত অহাকালি সন্ধিয়া ৬টা বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া সভাখনত মুখ্য বক্তৰূপে উপস্থিত থাকিব অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ড৹ ৰুক্ম গোহাঁই বৰুৱা। আনহাতে অহা ১৫ আগষ্টৰ দিনা ধুবুৰী চহৰৰ বালুৰচৰস্থিত কাৰ্য্যালয় সীমান্ত ভৱনৰ পৰা দিনৰ ১০ বজাত এক বৰ্ণ্যাঢ্য ত্ৰিৰংগা যাত্ৰাৰো আয়োজন কৰা হোৱা বুলি সংগঠনটোৰ ধুবুৰী নগৰ সমিতিয়ে জানিবলৈ দিছে।