নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰিত আশা অভিৱৰ্তন সম্পন্ন

নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চঃ আজি সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে চৰাইদেউ জিলাৰ আশাৰ অভিৱৰ্তন অনুষ্ঠিত কৰা হয় । চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাই আশা অভিৱৰ্তনত মুখ্য অতিথিৰূপে উপস্থিত থাকি আশাকর্মীসকলক উৎসাহিত কৰে । ভাষণ প্রসংগত উপায়ুক্ত গৰাকীয়ে কয় যে আশাকর্মীসকলে স্বাস্থ্য বিভাগৰ সকলো কামতে সহায় – সহযোগিতা আগবঢ়াই কামসমূহ সম্পন্ন কৰাত মুখ্য ভূমিকা গ্রহণ কৰি আহিছে । উদাহৰণ স্বৰূপে ক’ভিডৰ সংক্ৰমণৰ সময়ত আশাকর্মীসকলে উল্লেখযোগ্য ভূমিকা লৈ সংক্রমণ প্ৰতিৰোধত সহযোগিতা আগবঢ়াইছিল । তেনেদৰে শিশুৰ মৃত্যুৰ হাৰ আৰু প্ৰসূতি মাতৃৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাতো বিশেষ ভূমিকা লৈ আছে । জিলাখনত জটিলতা থকা গৰ্ভৱতী মহিলাৰ বাবে উপায়ুক্তগৰাকীৰ উদ্যোগত লোৱা জিলাভিত্তিক প্রকল্প ‘ প্রকল্প সৌভাগ্য ’ৰূপায়ণত গুৰুত্বপূৰ্ণ ভূমিকা লৈ আছে আশাকর্মীসকলে । আশাকৰ্মীসকলৰ সকলো ধৰণৰ সহায় – সহযোগিতাৰ বাবে তেওঁলোকক উপায়ুক্তগৰাকীয়ে বিশেষভাৱে প্ৰশংসা কৰে আৰু ধন্যবাদ জনায় । আশা অভিবৰ্তনত অতিৰিক্ত উপায়ুক্ত ( স্বাস্থ্য ) মৌচুমী চেতিয়া, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ চৈয়দ তৌফিক হুছেইনৰ লগতে সকলো চিকিৎসক , নাৰ্ছ আৰু আন আন স্বাস্থ্য বিভাগৰ লগত জড়িত বিষয়ববীয়া উপস্থিত থাকে ।

প্ৰেৰক: দীপাংকৰ পাল

You might also like