নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰিত কাৰ্বাইডেৰে পকোৱা ফলমূলৰ উভৈনদী; ৰমজান মাহৰ সুযোগ লৈছে অসাধু ব্যৱসায়ীয়ে

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ সম্প্রতি ব’হাগৰ ৰঙালী বিহু লগতে একেলগে মুছলমান ধৰ্মাৱলম্বীসকলৰ ৰােজাও আজিৰে পৰা আৰম্ভ হৈছে । মুছলমান ধৰ্মাৱলম্বী লােকসকলে ৰােজাৰ দিনকেইটাত ইফটাৰ সামগ্রী হিচাপে বজাৰৰ ফল – মূলত গুৰুত্ব দিয়ে । আপেল , আঙুৰ , কল , খেজুৰ , তৰমুজ , কমলা , চেৰীফল আদি ফলসমূহ এই দিনকেইটাত বেছিকৈ মূলত ব্যৱহাৰ কৰে কিন্তু আশ্চর্যজনক কথা যে বজাৰৰ এই ফল – মূল সমূহ প্রকৃততে সতেজ নে ? তাক লৈ কাৰো চিন্তা কৰাৰ আহৰি নাই  ।
উল্লিখিত যিবােৰ ফলমূলত ৰাসায়নিক বিষাক্ত দ্রব্য মিহলাই নিশাটোৰ ভিতৰতে ৰংচঙীয়া কৰি পকাই সেইবােৰ বৰবিষ ৰূপী ফল মূল বজাৰত ভিটামিন হিচাপে অধিক দামত বিক্ৰী কৰে । যি কথা ঠাই বিশেষে যােগান বিভাগে চলােৱা পৰীক্ষা – নিৰীক্ষাত প্রমাণ হৈছে । বজাৰত গ্ৰাহকৰ বাবে উলিয়াই থৈ দিয়া ৰং চঙীয়া ফল – মূলসমূহত বিষাক্ত কেলচিয়াম কার্বাইড নামৰ মাৰাত্মক ৰাসায়নিক দ্রব্যবিধ ব্যৱহাৰ কৰি নিশাটোৰ ভিতৰতে চকুত লগাকৈ ৰংচঙীয়া কৰি তুলি সেইবােৰ সকলােৰে চকুত ধূলি দি সময়ৰ সুযােগ গ্ৰহণ কৰি অধিক দৰত বিক্ৰী কৰি মুনাফা লাভ কৰি আহিছে । যাৰ পার্শ্বক্ৰিয়াৰ বাবে কেইদিনমানৰ পিছত মানুহৰ শৰীৰত দেখা দিয়ে বিভিন্ন ৰােগে । ফল – মূল কিনি খাব নােৱৰাজনক যেন কোনােজনে ইতিকিং কৰে । ফল – মূলৰ সামগ্রী নহ’লে যেন ৰােজাৰ ইফটাৰ নহয় । কিন্তু এবাৰলৈ আমি ফল মূলৰ নামত কি খাই শৰীৰটো ৰােগীয়া কৰিছে বা ৰোগীয়া কৰিবলৈ ওলাইছো তাক ভাবি চাবলৈ আহৰি কাৰােৰে নাই । বিয়াগােম যােগান বিভাগে পৰীক্ষণত প্রমাণ লাভ কৰাৰ পিছতাে এই ক্ষেত্ৰত ৰহস্যজনকভাবে নীৰৱ সকলো পক্ষ ।
You might also like