নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰিত বনৰীয়া হাতীয়ে গচকি মাৰিলে এজনক; বন বিভাগৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ ক্ষোভ

নিয়মীয়া বাৰ্তা, ১১ নৱেম্বৰঃ চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ সমীপৱৰ্তী অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ কাষৰীয়া অঞ্চলসমুহত নিতৌ বৃদ্ধি পাইছে বনৰীয়া হাতীৰ তাণ্ডৱ৷ বিগত এমাহতে কুৰিটাৰো অধিক পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে নিতৌ বিঘাই বিঘাই ধান খেতি নষ্ট কৰি আহিছে৷ সন্ধিয়া হ’লেই বনাঞ্চলখনৰ পৰা এটা বৃহৎ হাতীৰ জাক ওলাই আহি বনাঞ্চলখনৰ কাষৰীয়া গোৱালাপথাৰ, টাওকাক, নগানদী, চিংলো, জবকা, ন-জবকা হাবি, মঞ্জুশ্ৰী, সোণাৰি চাহ বাগিচা, টিঙালীবাম, টাওকাক চাহ বাগিচা, আইদেউবাৰী চাহ বাগিচা আদি অঞ্চলত একপ্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰি অহাৰ সময়তে আজি বিয়লি বনৰীয়া হাতীৰ গচকত এজন ব্যক্তিৰ মৃত্যু হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ জানিব পৰা মতে, আজি বিয়লি প্ৰায় তিনি বজাত অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ কাষৰীয়া নগানদী বনগাঁৱৰ ড’নাল্ড মুণ্ডা (৪৫) নামৰ ব্যক্তিজনে অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা খৰি আনিবলৈ যাওঁতে গভীৰ অৰণ্যৰ পৰা খাদ্যৰ সন্ধানত মুকলিলৈ ওলাই অহা এটা বৃহৎ হাতীৰ জাকৰ সৈতে মুখামুখি হয়৷ হাতীজাকৰ সৈতে মুখামুখী হোৱা ব্যক্তিজনে কিংকৰ্তব্যবিমূঢ় হৈ প্ৰাণপনে পলাবলৈ চেষ্টা কৰে যদিও এটা দঁতাল হাতীয়ে ব্যক্তিজনক খেদি গৈ ভৰিৰে গচকি হত্যা কৰে৷ উল্লেখ্য, কিছুদিনৰ পূৰ্বে উক্ত অঞ্চলটোতে হাতীৰ বাবে মানুহে পতা বৈদ্যুতিক ফাণ্ডত লাগি এটা প্ৰাপ্তবয়স্ক হাতীৰ অতি কৰুণভাৱে মৃত্যু হৈছিল৷ আনহাতে, উক্ত ঘটনাৰ এটা পষেকৰ পাছত আজি বনৰীয়া হাতীৰ আক্ৰমণত ড’নাল্ড মুণ্ডাৰ মৃত্যু হোৱাৰ ঘটনাই হাতী-মানুহৰ সংঘাত দিনে দিনে যে বাঢ়ি আহিছে সেয়া স্পষ্ট হৈ পৰিছে৷ আনহাতে, আজি বিয়লি ৩ বজাতে সংঘটিত ঘটনা সম্পৰ্কত স্থানীয় ৰাইজে বন বিভাগক খবৰ দিছিল যদিও বন বিভাগে ঘটনাৰ প্ৰায় তিনি ঘন্টাৰ পাছতহে ঘটনাস্থলীত উপস্থিত হোৱাত স্থানীয় ৰাইজে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি বন বিভাগে সদ্দিচ্ছা প্ৰকাশ কৰাহেঁতেন হাতী-মানুহৰ সংঘাত বহু পৰিমাণে কমিলহেঁতেন৷ কিন্তু অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ কাষৰীয়া ৰাইজৰ দাবীক কোনোপ্ৰকাৰে গুৰুত্ব প্ৰদান নকৰি সমগ্ৰ বিষয়টোত বন বিভাগে গা-এৰা মনোভাৱ পোষণ কৰাৰ বাবেই বৃহত্তৰ অঞ্চলটোৰ ৰাইজে দীৰ্ঘদিন ধৰি এই সমস্যাৰ সৈতে যুঁজিবলগীয়া হৈছে৷ বন বিভাগে বনাৰীয়া হাতীৰ খাদ্যৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ তথা আন কেতবোৰ পৰিকল্পনা গ্ৰহণ কৰাহেঁতেন চৰাইদেউ জিলাৰ অসম-নগালেণ্ড সীমান্তৱৰ্তী অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ দাঁতি-কাষৰীয়া অঞ্চলত দীৰ্ঘদিনীয়া হাতী-মানুহৰ সংঘাতৰ সমস্যা বহু পৰিমাণে লাঘৱ হোৱাৰ স্থল আছিল বুলি স্থানীয় ৰাইজে মত প্ৰকাশ কৰিছে৷ আনহাতে, হাতীৰ গচকত থিতাতে নিহত হোৱা ব্যক্তিজনে মৃত্যুৰ সময়ত পত্নীৰ লগতে তিনি সন্তানৰ ইহঃসংসাৰত এৰি থৈ গৈছে৷

সোণাৰিৰ পৰা দীপাংকৰ পাল

You might also like