নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰি চাপৰিত পঞ্চম ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে সজাগতা সভা

নিয়মীয়া বার্তা, ২৬ ছেপ্টেম্বৰ: পঞ্চম ৰাষ্ট্ৰীয় পোষণ মাহৰ অংশ হিচাপে ঘিলামৰা সংহত শিশু বিকাশ প্ৰকল্পৰ অন্তগত ১৬ নং উদয়পুৰ অঙ্গণৱাড়ী কেন্দ্ৰত পালন কৰা হয় ৰাষ্ট্ৰীয় পোষণ মাহৰ ভিন্ন কাৰ্যসূচীৰ লগতে সজাগতা সভা ৷ ঘিলামৰা সংহত শিশু বিকাশ প্ৰকল্পৰ প্ৰকল্প বিষয়া ( চিডিপিঅ) অনিৰূদ্ধ বৰা, প্ৰজেক্ট এচিচটেণ্ট নজৰুল হক, সোণাৰি চাপৰি কেকুঁৰি শাখাৰ চুপাৰভাইজাৰ প্ৰিয়ংকা বৰগোহাঁই, ঘিলামৰা শাখাৰ চুপাৰভাইজাৰ দ্বিপামণি শইকীয়া আৰু বৰ্ষামুখ শাখাৰ চুপাৰভাইজাৰ ৰেণু দৈমাৰী আৰু কেন্দ্ৰটোৰ কৰ্মী সহায়িকা আদিৰ উপস্থিতিত কেন্দ্ৰটোৰ পোষণ ভাটিকা উদ্বোধন কৰে কেন্দ্ৰ পৰিচালনা সমিতিৰ সভাপতি ললিত দিহিঙীয়াই ৷ চুপাৰভাইজাৰ প্ৰিয়ংকা গোহাঁই ব্‌ক্ষ ৰোপণ কৰাৰ পিছতে ঘিলামৰা সংহত শিশু বিকাশ প্ৰকল্পৰ প্ৰকল্প বিষয়া অনিৰূদ্ধ বৰাৰ সভাপতিত্ত্বত আৰু সমাজ কৰ্মী গিৰিণ গগৈয়ে আঁত ধৰা সজাগতা সভাত ১৬ নং উদয়পুৰ অঙ্গণৱাড়ী কেন্দ্ৰৰ কণ কণ কিশোৰ কিশোৰী, অভিভাৱক প্ৰসুতি বয়োজেষ্ঠা মাত্‌ সকলৰ উপৰিও সোণাৰি চাপৰি অঙ্গণৱাড়ী কেন্দ্ৰ সমুহৰ কৰ্মী সহায়িকা সকলো উপস্থিত থাকে ৷

প্ৰেৰক ঃ ৰাজেশ বুঢ়াগোহাঞি

You might also like