নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্ক্রীনিং চেণ্টাৰৰ পৰা গণ সংক্রমণৰ আশংকা

নিয়মীয়া বার্তা, ৩০ জুনঃ ক’ভিড–১৯ৰ বাবে বিটিচি নির্বাচনৰ দিন–বাৰ ঠিক নহ’লেও সর্বাত্মক ৰূপত নির্বাচনী প্রচাৰ চলাই আহিছে ৰাজনৈতিক দলবোৰে৷ বিপিএফ, বিজেপি, ইউ পি পি এল আৰু কংগ্রেছ, গণ সুৰক্ষা পার্টীয়ে নির্বাচনী তৎপৰতা চলোৱা পৰিলক্ষিত হৈছে৷

টংলাৰ স্ক্রীনিং চেণ্টাৰত কর্মৰত স্বাস্থ্যকর্মীৰ লগতে আন কেইবাজনো লোকৰ দেহত ক’ৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পাছত এতিয়া পুনৰ আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ যুটীয়া সঞ্চালকে তাৎক্ষণিকভাৱে টংলাৰ স্ক্রীনিং চেণ্টাৰ বন্ধ ৰখাৰ নির্দেশ দিছে৷

উল্লেখ্য যে ওদালগুৰি জিলাৰ এজন চিকিৎসক আৰু আন এজন এনএইচএম কর্মীসহ মুঠ ১৬জন লোক ক’ভিড–১৯ আক্রান্ত হোৱাৰ পাছত পুনৰ জিলাখনত পাঁচজনকৈ লোকৰ শৰীৰত ক’ৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে৷ ক’ভিড–১৯ আক্রান্ত লোকসকলৰ ভিতৰত আছে ওদালগুৰি জিলাৰ টংলা সমূহীয়া স্বাস্থ্য কেন্দ্রৰ চিকিৎসক ডাঃ লক্ষণ শর্মা, এনএইচএনৰ কর্মী নির্মল মেধি আৰু সাপকাইটি কোৱাৰেণ্টাইন কেন্দ্রৰ এজন, দণ্ড চহৰীয়া কোৱাৰেণ্টাইন কেন্দ্রৰ ২জন আৰু পানেৰী হাইস্কুলত কোৱৰেণ্টাইনত থকা ১৩জন, ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কোৱাৰেণ্টাইন কেন্দ্রৰ ২জন, শেখৰ শংকৰ মিছন হাইস্কুল কোৱাৰেণ্টাইন কেন্দ্রৰ এজন আৱাসী৷

ক’ভিড আক্রান্ত প্রায় সকলো লোক ওদালগুৰিৰ বিভিন্ন কোৱাৰেণ্টাইন কেন্দ্রৰ আৱাসী আছিল যদিও টংলা সমূহীয়া স্বাস্থ্য কেন্দ্রৰ চিকিৎসকৰ লগতে এনএইচএম কর্মী আৰু ওদালগুৰিৰ এগৰাকী ৱেৰিং কৰা লাইনমেন আক্রান্ত হোৱাৰ পাছত তেওঁলোকৰ সংস্পর্শত অহা বিভিন্ন লোকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ মৃদুল পাঠক নামৰ লাইনমেনজন ওদালগুৰিৰ ক’ভিড আক্রান্ত পাঁচগৰাকী এনএইচএম কর্মচাৰীৰ সংস্পর্শলৈ অহাৰ পাছত হোম কোৱাৰেণ্টাইনত আছিল৷

You might also like