নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাস্থ্য প্ৰশিক্ষক অৱনী কান্ত বৰাক অৱসৰ সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰঃ  মৰিয়নি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা অৱসৰ গ্ৰহণ কৰা স্বাস্থ্য প্ৰশিক্ষক অৱনী কান্ত বৰাক আজি অসম নগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ জেঙনি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ কেন্দ্ৰত অৱসৰ সম্বৰ্ধনা জনোৱা হয় । এই উপলক্ষ্যে পৰিয়াল কল্যাণ কেন্দ্ৰৰ চি এই অ’ বিজয় শৰ্মাই পৌৰোহিত্য কৰা গাম্ভীৰ্যপূৰ্ণ সভাখনত উদ্দেশ্য ব্যাখ্যা কৰে এম পি ডব্লিউ হেমেন্দ্ৰ বৰপূজাৰীয়ে । সভাত জংঘলব্লক হাইস্কুলৰ সহকাৰী শিক্ষক নগেন গগৈ উপস্থিত থাকি চাকৰি জীৱনত অৱনীকান্ত বৰাই নিষ্ঠা সহকাৰে সেৱা আগবঢ়াই এক নিৰোগী পৰিবেশ সৃষ্টিৰ বাবে কৰা চেষ্টাৰ শলাগ লয় । সভাখনত পৰিয়াল কল্যাণ কেন্দ্ৰটোৰ অধীনৰ সকলো আশা কৰ্মীৰ লগতে কেন্দ্ৰটোৰ ধাত্ৰী জ্যোতিমা বৰাই গামোচা, চেলেং, সঁ‌ফুৰা, সম্বৰ্ধনা পত্ৰ, গছ পুলি আদিৰে অৱনী বৰাক সম্বৰ্ধনা জ্ঞাপন কৰে । আনহাতে, সম্বৰ্ধনা গ্ৰহণ কৰি অৱনী বৰাই অশ্ৰসিক্ত নয়নেৰে অতীত স্মৃতি ৰোমন্থন কৰাৰ লগতে সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে । সভাত অৱনি বৰাৰ সহধৰ্মিনী গীতামনি বৰাও উপস্থিত থাকি চমু বক্তব্য প্ৰদান কৰে । সভাখনত অঞ্চলটোৰ অংগনৱাড়ি কৰ্মী সহায়িকাসকলৰ লগতে স্থানীয় কেইবাগৰাকীও ব্যক্তি উপস্থিত আছিল ।

দিব্যজ্যোতি শইকীয়া

You might also like