নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰুক্ষেত্ৰীৰ পাকাবেতবাৰীৰ অংগনৱাডী কেন্দ্ৰত পোষণ পষেক সজাগতা সভা 

নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চঃ বৰপেটা জিলাৰ পাকা বেতবাৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত ভক্তৰডবা চক্ৰৰ অন্তৰ্গত ২১০ নং নলীগাঁও উত্তৰ চোপা অংগনৱাডী কেন্দ্ৰত আজি চতুৰ্থ পোষণ পষেক উপলক্ষে এক সজাগতা আৰু প্ৰতিকাৰ সভা অনুষ্ঠিত হৈ যায়। উক্ত শিৱিৰত কিশোৰী,গৰ্ভৱতী আৰু প্ৰসূতি মাতৃৰ ৰক্তহীনতা পৰীক্ষা আৰু স্বাস্থ্য সম্পৰ্কে বিভিন্ন দিহা পৰামৰ্শ দিয়া হয় । শিৱিৰত থলুৱা শাক পাচলিৰ প্ৰদৰ্শনী পতা হয় আৰু লগতে ইয়াৰ সমাজ জীৱনৰ ওপৰত গুৰুত্বৰ বিষয়ে অৱগত কৰে। আজিৰ এই সজাগতা শিৱিৰত পাকা বেতবাৰী সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া কমল কুমাৰ শৰ্মা, ভক্তৰডবা উপ-স্বাস্থ্য কেন্দ্ৰৰ এ এন এম ৰমেনা খাতুন, মুখ্য সেৱিকা ক্ৰমে জুৰি দাস,ৰেহেনা হক, খণ্ড সমন্বয়ক ক্ৰমে সৌৰৱ কুমাৰ দাস,ননী গোপাল গোস্বামী, ২১০ নং নলীগাঁও অংগনৱাডী কেন্দ্ৰৰ কৰ্মী হালিমা খাতুন, ৯০ নং মধ্য নলীগাঁও অংগনৱাডী কেন্দ্ৰৰ কৰ্মী ইলিজা খানম,১৭৫ নং মহন বজাৰ অংগনৱাডী কেন্দ্ৰৰ কৰ্মী, মৰ্জিয়ানা খাতুন, ৮৯ নং নলীগাঁও অংগনৱাডী কেন্দ্ৰৰ কৰ্মী, মাজেদা খাতুন,আশা কৰ্মী আমিনা খাতুন আদিয়ে অংশগ্ৰহণ কৰে।

You might also like