নিয়মীয়া বার্তা, ২৯ জানুৱাৰীঃ আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা । বাগদেৱীৰ বন্দনাৰে মুখৰ হৈ পৰিছে সমগ্ৰ ৰাজ্য । ইতিমধ্যে ৰাজ্যজুৰি বাগ্দেৱীৰ পূজা–অর্চনাৰ বাবে আৰম্ভ হৈছে ব্যাপক প্রস্তুতি৷ বিশেষকৈ শিক্ষানুষ্ঠানসমূহত সৰস্বতী পূজা উপলক্ষে শিক্ষার্থীসকলৰ মাজত উলহ–মালহ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে ৷

পিচে নাৰেংগী হনুমান বস্তিত স্বেচ্ছাসেৱী সংগঠন প্ৰিয়বন্ধুৱে অনুষ্ঠিত কৰিলে এখন ব্যতিক্ৰমী পূজা । প্ৰথমবাৰলৈ নাৰেংগী হনুমান বস্তিত প্ৰিয়বন্ধুৰ উদ্যোগত পালন কৰা হ’ল সৰস্বতী পূজা । লগতে প্ৰথম বাৰৰ বাবে বস্তিৰ কণ কণ শিশুসকলে উদযাপন কৰিলে বাগ্দেৱীৰ এই পূজা।
উল্লেখ্য যে, বিগত বৰ্ষৰ পৰা প্ৰিয়বন্ধুৱে নাৰেংগীৰ হনুমান বস্তিত এখন বিদ্যালয় স্থাপনেৰে দৰিদ্ৰ তথা বস্তিৰ কণ কণ শিশুসকলক শিক্ষাদান কৰি আহিছে ।