নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাওৰাঘাটত সদৌ অসম ভিত্তিত মুকলি বিহু প্ৰতিযোগিতাৰ আয়োজন

নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিলঃ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ শংকৰ মন্দিৰ প্ৰাংগনৰ বিহু বাকৰিত অহা ১৮ আৰু ১৯ এপ্ৰিলত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৫৮ সংখ্যক হাওৰাঘাট ৰঙালী বিহু উৎসৱ উদযাপনৰ বাবে ব্যাপক প্ৰস্ততি চলোৱা হৈছে । ১৮ এপ্ৰিলৰ কাৰ্যসূচী অনুসৰি পুৱা বিহু পতাকা উত্তোলন, স্মৃতি তৰ্পণ, ছহিদ তৰ্পণ, ভাৰত ৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ আৱক্ষ মূৰ্ত্তিত পুষ্প অৰ্পণ,জননেতা ক্ষুদ্ৰ বৰাৰ আৱক্ষ মূৰ্ত্তিত পুষ্প অৰ্পণ আৰু বিভিন্ন পৰম্পৰাগত খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব । ইয়াৰ পিছতে সদৌ অসম ভিত্তিত সৰু বিহুৱতী প্ৰতিযোগিতা আৰু সদৌ অসম ভিত্তিত মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব ।  ১৯ এপ্ৰিলৰ সামৰণিৰ দিনা পুৱা মাৰাথন দৌৰ প্ৰতিযোগিতা, কুইজ আৰু ভেশ্চন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব । ইয়াৰ পিছতে বিয়লি জিলা ভিত্তিত জেং বিহু প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব । সন্ধিয়া স্মৃতি গ্ৰন্থ   ‘জেতুকা’  উন্মোচন কৰাৰ পিছতে বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাং , আমন্ত্ৰিত অতিথি হিচাপে পদ্মশ্ৰী ধনেশ্বৰ ইংতি আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব হাওৰাঘাটৰ বিধায়ক দৰছিং ৰংহাঙে । সন্ধিয়া সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ হিচাপে গীত পৰিৱেশন কৰিব সংগীত শিল্পী ভৃগু কাশ্যপে ।
প্ৰেৰকঃ ছাইদুল হক চৌধুৰী, হাওৰাঘাট 
You might also like