নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাজোত আহত হাড়গিলা উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিলঃ হাজো ৰাজহ চক্রৰ অন্তর্গত সোৱানচাহত আজি পুৱা ডেউকা ভগা বিলুপ্তপ্রায় প্রজাতিৰ এটি হাডগিলা উদ্ধাৰ হয়৷ স্থানীয় ৰাইজৰ প্রচেষ্টাত আৰু দুগৰাকী স্থানীয় সংবাদকর্মীৰ তৎপৰতাত উদ্ধাৰ হোৱা হাডগিলাটো হাজো আঞ্চলিক বন বিভাগক চমজাই দিয়ে৷ জানিব পৰা মতে, প্রাপ্তবয়স্ক এটা হাডগিলা আজি পুৱা সোৱানচাহৰ এটি পৰিয়ালে বাৰীৰ পাছত ডেউকা ভগা অৱস্থাত প্রত্যক্ষ কৰি স্থানীয় সাংবাদকর্মীক খবৰ দিয়ে৷ খবৰ পোৱা মাত্রকে দুজন সাংবাদকর্মী সোৱানচাহত উপস্থিত হৈ হাজো বন বিভাগক খবৰ দিয়ে৷ কিছু সময় পিছতে হাজো বন বিভাগৰ লোক উপস্থিত হৈ আহত হাডগিলাটোক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে লৈ যায় আৰু আহত হাডগিলাটোক উন্নত চিকিৎসাৰ বাবে চিৰিয়াখানালৈ নিয়া বুলি জানিব পৰা গৈছে৷ কালিৰ ধুমুহাত গছৰ ডাল পৰি হাডগিলাটো আহত হোৱা বুলি সন্দেহ প্রকাশ কৰিছে স্থানীয় লোকে৷

You might also like