হাত নাও–ঘোঁৰাগাড়ীৰে চিকিৎসালয়লৈ যাত্রা প্রসূতিৰ
নিয়মীয়া বাৰ্তা, ২৩ জুলাইঃ সুনাম আৰু ঐতিহ্যই ভৰ কৰি থাকিলেও দুর্গম অঞ্চল লখিমপুৰৰ ঘুণাসুঁতি৷ যাতায়াতৰ একো উন্নয়ন নোহোৱাৰ বাবে দুর্গম হৈ পৰাৰ উপৰি দলংবিহীন ঘাগৰ নদী ইপাৰ–সিপাৰ হ’ব লাগে ঘুণাসুঁতিৰ বাসিন্দাই৷ একমাত্র যাতায়াত ব্যৱস্থাৰ নূ্যনতম সুচল নোহোৱাৰ বাবে ঘুণাসুঁতিৰ বাসিন্দা বিনা চিকিৎসাত মৃত্যুবৰণ কৰিবলগীয়া হয়৷ ঠেলা, ঘোঁৰাগাড়ী, হাতনাও অথবা সাঙী কৰি ৰোগীক ঘুণাসুঁতিৰ পৰা আনিবলগীয়া হয়৷ ইয়াৰ বাবে বহু লোকৰ চিকিৎসা নৌহওঁতেই মৃত্যু হয়৷ যন্ত্রণাত ছটফটাই থাকিবলগীয়া হয় প্রসূতিয়ে৷
মানৱ সভ্যতাক লজ্জানত কৰি নাও, ঠেলা অথবা ঘোঁৰাগাড়ীত প্রসূতিয়ে সন্তান জন্ম দিবলগীয়া হয়৷ ঘুণাসুঁতিৰ এনে চিৰ পৰিচিত দৃশ্যৰ আজিও পুনৰাবৃত্তি ঘটিল৷ প্রসৱ যন্ত্রণাত চিৎকাৰ কৰি থকা এগৰাকী প্রসূতিক হাত নাৱেৰে ঘাগৰ নদী পাৰ কৰি ঘোঁৰাগাড়ীত তুলি চিকিৎসালয়লৈ নিবলগীয়া হয়৷ এই শতিকাতো মানৱ সভ্যতাৰ বিড়ম্বনা অথবা ডিজিটেল ইণ্ডিয়াৰ বাস্তৱ ছবিখনৰ এই ঘটনাৰে প্রতিফলিত হয়৷ ঘুণাসুঁতিৰ ২নং বামুণীজান নিৱাসী নৱকান্ত টাইদৰ পত্নী নিৰন্তা দলে টাইদৰ আজি পুৱা প্রসৱ যন্ত্রণা আৰম্ভ হয়৷ ঘুণাসুঁতিত চিকিৎসাৰ কোনো ব্যৱস্থা নথকাত পৰিয়ালৰ লোকে প্রসূতিগৰাকীক লখিমপুৰ নগৰৰ চিকিৎসালয়লৈ অনাৰ ব্যৱস্থা কৰে৷ পিছে তেওঁলোকৰ দুর্কপাল৷ প্রসূতিক লৈ ফেৰীৰে ঘাগৰ নদী পাৰ হোৱাৰ সময়তে নদীৰ মাজতে ফেৰীখন বিকল হৈ পৰে৷
ইপিনে প্রসূতিগৰাকীৰ প্রসৱ যন্ত্রণা বাঢ়ি যাবলৈ ধৰিলে৷ উপায়ান্তৰ হোৱা পৰিয়ালৰ লোকে প্রসূতিগৰাকীক ফেৰীৰ পৰা নমাই এখন হাত নাৱেৰে বিপদসংকুল যাত্রা কৰে ঘাগৰ নদীৰে৷ পিছে নদীৰ ইটো পাৰেও নাই কোনো সুচল যাতায়াতৰ ব্যৱস্থা৷ ফলত এইবাৰ এখন ঘোঁৰাগাড়ী যোগাৰ কৰি তেওঁলোকে বোকা–পানীৰ মাজেৰে ঠেলি ঠেলি প্রসূতিগৰাকীক নগৰ অভিমুখে নিয়ে৷ পিছে নগৰ নৌপাওঁতেই প্রসৱ যন্ত্রণা অধিক হোৱাত সমীপৰ এখন চিকিৎসালয়ত প্রসূতিগৰাকীক ভর্তি কৰে আৰু ক্ষন্তেক পিছতে সৌভাগ্যক্রমে এটি কন্যা সন্তানৰ জন্ম হয়৷ আজিৰ এই দৃশ্যৰাজিয়ে সচেতন লোকক মর্মাহত কৰি তুলিলে৷