নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাৰ্ট কেয়াৰ চছাইটি অব আসামৰ সজাগতা সভা সম্পন্ন

 

নিয়মীয়া বাৰ্তা,,২৮ মে’- বিশ্ব উচ্চৰক্তচাপ প্ৰতিৰোধ মাহৰ লগত সংগতি ৰাখি গুৱাহাটীৰ ডাউনটাউন হস্পিতালৰ সহযোগত হাৰ্ট কেয়াৰ চছাইটি অব আসামে আজি ডাউন টাউন হস্পিতালত এখনি সজাগতা সভা অনুষ্ঠিত কৰে।ডা:প্লাবিতা শ্লেঙে পৰিচালনা কৰা সভাখনিত সন্মানীয় অতিথি হিচাপে ডাউন টাউন হস্পিতালৰ মুখ্য চিকিৎসা বিষয়া ডা:এন. এন.দত্ত আৰু সমল ব্যক্তি হিচাপে উপস্থিত থাকে চছাইটিৰ চেয়াৰমেন জেষ্ঠ হৃদৰোগ বিশেষজ্ঞ ডা:নিৰ্মলকান্তি ভট্টাচাৰ্য,ডা:বলিন্দ্ৰ কুমাৰ গগৈ,দিশপুৰ হস্পিতালৰ জেষ্ঠ হৃদৰোগ বিশেষজ্ঞ ভা:বনজিৎ চৌধুৰী,ডাউন টাউন হস্পিতালৰ জেষ্ঠ চিকিৎসা বিষয়া ডা:হৃষিকেশ বৰা, আৰু ডাউন টাউন হস্পিতালৰ জেষ্ঠ প্ৰসূতি বিশেষজ্ঞ ডা:উদয়ণ বৰুৱা।হাৰ্ট কেয়াৰ চছাইটি অৱ আসামৰ কাৰ্যনিৰ্বাহক সদস্য ড°শিখা বেজবৰুৱা গোস্বামীয়ে এটি বৰগীতেৰে শুভাৰম্ভণ কৰাৰ পিছতেই ডাউনটাউন হস্পিতালৰ চুপাৰইনটেনডেন্ট ডা:উদয়ণ বৰুৱাই আদৰণি ভাষণেৰে সকলোকে স্বাগতম জনায়।কেন্দ্ৰীয় উপসভাপতি ম:ইক্ৰামুল মজিদে চছাইটিৰ বিষয়ে এটি পৰিচয়মূলক বক্তৃতা ডাঙি ধৰে।প্ৰায় শতাধিক লোকৰ উপস্থিতিত ডা:নিৰ্মল কান্তি ভট্টাচাৰ্যই উচ্চ ৰক্তচাপ কাৰণ,প্ৰতিৰোধ সম্পৰ্কে বিতংকৈ বক্তৃতা প্ৰদান কৰে।নিলাক্ষী গোস্বামী বৰুৱাৰ শলাগৰ শৰাইয়ে সভাৰ সামৰণি পৰে।

You might also like