হোজাইত সংৰক্ষিত বনাঞ্চলত ২ বন্দুক উদ্ধাৰ
নিয়মীয়া বার্তা, ২২ ডিচেম্বৰঃ হোজাই জিলাৰ দক্ষিণ নগাঁও বন সংমণ্ডলৰ অধীনৰ ডবকা সংৰক্ষিত বনাঞ্চলত শনিবাৰে পুৱতিনিশা বনকর্মীৰ অভিযানত দুটা হস্তনির্মিত বন্দুকসহ গুলী তৈয়াৰ কৰা কিছু সামগ্রী উদ্ধাৰ হয়৷
প্রাপ্ত তথ্য অনুসৰি, হালধিআটী উপ–খণ্ড বন বিষয়া মহেশ নাথে ডবকা সংৰক্ষিত বনাঞ্চলত চোৰাং চিকাৰী প্রৱেশৰ তথ্য লাভ কৰে৷ সেই তথ্যৰ পম খেদি বন বিষয়া নাথৰ নেতৃত্বত এদল বনকর্মীয়ে নিশা ডবকা সংৰক্ষিত বনাঞ্চলৰ চোৰাং চিকাৰী বিচাৰি অভিযান চলায়৷
পুৱতিনিশা সংৰক্ষিত বনাঞ্চলখনৰ দুইমুখ অঞ্চলত দুজন অস্ত্রধাৰী লোক প্রত্যক্ষ কৰে৷ তেনে সময়তে চোৰাং চিকাৰীকেইটাই বনকর্মী অহাৰ উমান পাই অস্ত্র এৰি তাৰ পৰা ঘন জংঘলৰ মাজেৰে পলায়ন কৰে৷ পিছত বনকর্মীৰ দলটোৱে ঘটনাস্থলীৰ পৰা দুটা হস্তনির্মিত বন্দুক উদ্ধাৰ কৰাৰ লগতে গুলী নির্মাণত ব্যৱহূত কিছু সামগ্রী উদ্ধাৰ কৰে৷