হোজাইৰত ছয় লাখ নকল টকাসহ আটক চাৰি সৰবৰাহকাৰী
নিয়মীয়া বাৰ্তা, ৭ অক্টোবৰ :- পঞ্চাশ হাজাৰ টকা নগদ দিয়ক আৰু লৈ যাঁওক নকল ৬ লাখ টকা৷ পঞ্চাশ হাজাৰ নগদ টকাৰে ছয় লাখ টকাৰ নকল নোট নিবলৈ আহি হোজাইৰ মোৰাজাৰ থানাৰ অন্তৰ্গত দেৱস্থানত আটক কৰে আটক চাৰি নকল টকা সৰবৰাহকাৰী৷ হোজাই আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ এক গোপন সুত্ৰৰ ভিত্তিত মোৰাঝাৰ আৰু দেৱস্থান আৰক্ষী দেৱস্থানত যোৱা নিশা অভিযান চলাই এই চাৰি নকল টকা সৰবৰাহকাৰীক আটক কৰাৰ লগতে আৰক্ষীয়ে সৰবৰাহকাৰী কেইজনৰ পৰা ছয় লাখ নকল টকাৰ লগতে ৫০ হাজাৰ আছল নগদ টকা, কেইবাটাও মোবাইল সহ বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চাৰি নকল টকাৰ সৰবৰাহকাৰী ক্ৰমে- আব্দুল কৰিম , কুদ্দুছ আলী , আচৰ আলী , বাচু আলী আৰু বিশ্বজিৎ দাস৷ এই আটাইকেইজনৰ ঘৰ হোজাইৰ ডবকাত বুলি আৰক্ষী সুত্ৰে প্ৰকাশ৷ আৰক্ষীৰ এই অভিযান কালত বহু কেইজন নকল টকাৰ ব্যবসায়ী পলায়ন কৰে ।
আনহাতে, আৰক্ষীয়ে এই অভিযান চলোৱাৰ সময়তে ছালে আহমেদ ওৰফে নজু নামৰ এজন ফেইচবুক সাংবাদিক এজনে নকল টকাৰ সৰবৰাহকাৰী সকলক আৰক্ষীৰ অভিযানৰ খবৰ দি তেওঁলোকক পলাবলৈ সুযোগ দিয়াত আৰক্ষীয়ে তেওঁকো আটক কৰে ৷ সম্প্ৰতি আৰক্ষীয়ে মাৰাথন জেৰা চলাই আছে ৷ উল্লেখ্য যে এই চক্ৰটোৱে দীৰ্ঘদিনৰ পৰা ৰাজ্যত টকল টকাৰ এক বৃহৎ নেটৱৰ্ক চলাই আছে৷ হোজাই আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই দীৰ্ঘদিনল পৰা এই চক্ৰটোক আটক কৰিবলৈ চেষ্টা চলাই আছিল যদিও অৱশেষত আৰক্ষীৰ জালত পৰে চক্ৰটো৷ আনহাতে এই চক্ৰটোৰ লগত আন এটা বৃহৎ চক্ৰ জড়িত থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে৷ এই চক্ৰটোৱে প্ৰেছ লিখা বাহন ব্যৱহাৰ কৰি ৰাজ্যৰ বিভিন্ন ঠাইত নকল টকাৰ সৰবৰাহ কৰি আহিছে বুলি অভিযোগ উঠিছে৷ হোজাইৰ বিভিন্ন প্ৰান্তৰ পৰা আৰক্ষীয়ে দহগৰাকীৰ অধিক ভুৱা সাংবাদিকক আটক কৰি জেললৈ প্ৰেৰণ কৰিলেও জেলৰ পৰা ওলাই আহিয়েই পুনৰ নানান অপৰাধমূলক কাৰ্যত লিপ্ত হোৱাৰ অভিযোগ আছে৷