নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইৰ বিভিন্ন স্থানত বিশ্ব পৰিবেশ দিৱস পালন

নিয়মীয়া বাৰ্তা,৫ জুন:- বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি আজি হোজাইৰ বিভিন্ন স্থানত সজাগতা সভা আৰু গছ পুলি ৰোপন কৰা হয় । হোজাই শাখা সাহিত্য সভাই উদ্যোগত গোবিন পুৰত বৃক্ষ ৰোপন কৰে ।সভাৰ ২০২২-২৪ বৰ্ষৰ বাবে নিৰ্বাচিত কাৰ্যনিৰ্বাহ সমিতিৰ বিষয়ববীয়াই হোজাইৰ গোবিনপুৰৰ চেৰাম কৃষ্ণ মোহন প্ৰাথমিক বিদ্যালয়তৰ চৌহদত পাঁচ বিশিষ্ট ব্যক্তিৰ নামত গছপুলি ৰোপন কৰে।সমান্তৰাল ভাৱে হোজাই গাৰ্লছ কলেজত ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী সুস্মিতা দেৱনাথৰ উদ্যোগটো সজাগতা সভা আৰু বৃক্ষ ৰোপন কাৰ্যসূচী ৰূপায়ন কৰা হয় ।হোজাইৰ গোপাল নগৰতো যৌথ ভাবে অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিবেশ পৰিষদ,গুৱাহাটীৰ সহযোগত হোজাইত বিশ্ব পৰিবেশ দিৱস পালন কৰা হয় । এই অনুষ্ঠান হোজাইৰ জাতীয় বিদ্যালয়ৰ ই’ক ক্লাৱৰ সৌজন্যত আৰু হোজাইৰ গোপাল নগৰৰ আব্দুল খালেক মেমৰীয়েল হাইস্কুলত এই দিৱস সজাগতা সভা আৰু বৃক্ষ ৰোপন কাৰ্যসূচীৰে দিৱসটি পালন কৰা হয় ।মোৰাজাৰত হাচিব ফাউণ্ডেচনে মোৰাঝাৰ আৰক্ষী থানা,মোৰাঝাৰ গাইডেন্স চিনিয়ৰ চেকেণ্ডাৰী স্কুল,অকচেক ত্ৰিশঘৰী এল পি স্কুল ,বৰবালি এল পি স্কুল আদিত পুলি ৰোপন কৰি পৰিৱেশৰ প্ৰতি সজাগতা অনাৰ চেষ্টা কৰে৷ হোজাই সাহিত্য সভাৰ অন্তৰ্গত যমুুনাপৰীয়া শাখা সাহিত্য সভাই পদুমনি জাতীয় বিদ্যালয় আৰু গাইডেন্স চিনিয়ৰ চেকেণ্ডাৰী স্কুলত বৃক্ষৰোপন কাৰ্যসূচী ৰুপায়ন কৰা কৰে৷ হোজাইৰ স্বেচ্ছাসেৱী সংগঠন মৰ্কজুল মা মাৰিফৰ উদ্যোগত জিলা অসামৰিক চিকিৎসালয় আৰু গোপাল নগৰৰ চায়েৰা অমিৰ চৌহদত বৃক্ষ ৰোপন কৰাৰ লগতে হোজাইৰ মৰিয়ম আজমল চিনিয়ৰ চেকেণ্ডাৰী স্কুল অফ আৰ্টচত বিভিন্ন কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয় । ইফালে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি এশজোপা গছ পুলি ৰোপণ কৰে নিলবাগানৰ শিংগিৰপাৰৰ নৱদীপ একাডেমীৰ শিক্ষাৰ্থী সকলে৷ বিদ্যালয়ৰ চৌহদত ৰোপন কৰে এই পুলি সমূহ ।

You might also like