হোমেন বৰগোহাঞিক আলোকপ্রভঞ্জন বঁটা প্রদান
নিয়মীয়া বাৰ্তা ১৪ ফেব্ৰুৱাৰীঃ গুৱাহাটীৰ বিবেকানন্দ কেন্দ্রত স্বেচ্ছাসেৱী সংগঠন আলোকপ্রভঞ্জন ৱেলফেয়াৰ ছ’চাইটীৰ সৌজন্যত আয়োজিত ‘আছাম ৰাইজিং–২০২১’ শীর্ষক এক অনুষ্ঠানৰ জৰিয়তে ৰাজ্যৰ তিনিজন বিশিষ্ট ব্যক্তিক আলোকপ্রভঞ্জন বঁটা, ‘দৈনন্দিন বার্তা বঁটা’ আৰু ‘দ্য আছাম ৰাইজিং বঁটা’ প্রদান তথা সম্বর্ধনা জনোৱা হয়৷ ৰাজ্যৰ বিশিষ্ট সাংবাদিক, সাহিত্যিক, অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি, প্রজ্ঞাৰ সাধক হোমেন বৰগোহাঞিক ‘আলোকপ্রভঞ্জন বঁটা’, সমাজকর্মী পদ্মশ্রী বঁটাপ্রাপক বিৰুবালা ৰাভাক ‘দৈনন্দিন বার্তা বঁটা’ আৰু প্রৱাসী বিশিষ্ট চিকিৎসক, সমাজকর্মী ড০ জয়ন্ত বিশ্ব শর্মাক ‘দ্য আছাম ৰাইজিং বঁটা’ প্রদান কৰা হয়৷ হোমেন বৰগোহাঞিক আলোকপ্রভঞ্জন বঁটা প্রদান কৰে বিশিষ্ট স্থপতিবিদ, শিল্পী বীৰেন সিংহই৷ আনহাতে বীৰুবালা ৰাভাক বঁটা প্রদান কৰে বিশিষ্ট সাহিত্যিক পদ্মশ্রী বঁটাপ্রাপক এলি আহমেদে৷ প্রৱাসী চিকিৎসক জয়ন্ত বিশ্ব শর্মাক বঁটা প্রদান কৰে সূর্য হাজৰিকাই৷
ড০ জয়ন্ত বিশ্ব শর্মাৰ হৈ তেওঁৰ প্রতিনিধিয়ে বঁটা গ্রহণ কৰে৷ আলোকপ্রভঞ্জন বঁটা গ্রহণ কৰি বিশিষ্ট সাংবাদিক, সাহিত্যিক প্রজ্ঞাৰ সাধক হোমেন বৰগোহাঞিয়ে বর্তমান অসমত এক বৌদ্ধিক শূন্যতাই বিৰাজ কৰিছে বুলি মন্তব্য কৰে৷ তেওঁ কয়– আহাৰ–শাওণ মাহৰ নদী যেনেকৈ পুহ–মাঘ মাহত শুকাই চেৰচেৰীয়া হয় তেনেকৈ অসমৰ সমাজ জীৱনতো এক বৌদ্ধিক শূন্যতাই বিৰাজ কৰিছে৷ কেৱল বৈষয়িক ডন্নতিতে এখন সমাজে নিজকে সুস্থ বুলি দাবী কৰিব নোৱাৰে বুলি মন্তব্য কৰি কথাশিল্পী বৰগোহাঞিয়ে কয় যে অসমত বর্তমানে বহুত ডন্নতি হৈছে৷ আগৰ তুলনাত অসমখন নদন–বদন হৈছে৷ কিন্তু অসমৰ সভ্যতা–সংসৃকতিলৈ যিধৰণৰ বৰঙণি আগবঢ়াই, এখন সমাজে, এটা জাতিয়ে নিজকে সন্মানৰ যোগ্য কৰি তুলিব পাৰে সেইধৰণৰ ঘটনা অসমত বহু বছৰ ধৰি হোৱা নাই৷ এখন সমাজৰ বৈষয়িক উন্নতিয়ে নিজকে এখন সুস্থ সমাজ বুলি দাবী কৰিব নোৱাৰে৷ ছুইজাৰলেণ্ড আৰু ইটালীৰ উদাহৰণ দাঙি ধৰি বৰগোহাঞিয়ে কয় যে ছুইজাৰলেণ্ডত যোৱা ৭০০ বছৰ ধৰি শান্তি বিৰাজ কৰিছে যদিও তাত বিগত ৭০০ বছৰ ধৰি কোনো উল্লেখযোগ্য সাহিত্য, শিল্প, সংগীত আদিৰ সৃষ্টি হোৱা নাই৷
আনহাতে ইটালীত ডেৰশ বছৰ ধৰি গৃহযুদ্ধই বিৰাজ কৰিছিল যদিও তাত উল্লেখযোগ্য সাহিত্য, সংসৃকতিৰ সৃষ্টি তাৰ লোকসকলে বিশ্বজুৰি খ্যাতি অর্জন কৰিবলৈ সক্ষম হৈছে৷ ‘দৈনন্দিন বার্তা বঁটা’ গ্রহণ কৰি পদ্মশ্রী বঁটাপ্রাপক বিৰুবালা ৰাভাই বঁটা গ্রহণ কৰি বক্তব্যত কয় যে তেওঁ বহুত সৰুৰে পৰা সমাজৰ কাৰণে কাম কৰি আহিছে৷ বিশেষকৈ বিবাহপাশত আবদ্ধ হোৱাৰ পিছৰে পৰাই তেওঁৰ সমাজৰ ডাইনী প্রথা ৰোধ কৰিবলৈ চেষ্টা চলাই আহিছে৷ ইফালে বিশিষ্ট সাহিত্যিক পদ্মশ্রী বঁটাপ্রাপক সূর্যকান্ত হাজৰিকাই প্রদান কৰা ‘দ্য আছাম ৰাইজিংবঁটা’ ড০ জয়ন্ত বিশ্ব শর্মাৰ হৈ গ্রহণ কৰে তেওঁৰ প্রতিনিধিয়ে৷ প্রৱাসত থকা ড০ জয়ন্ত বিশ্ব শর্মাই বঁটা প্রদান আৰু সম্বর্ধনা অনুষ্ঠানলৈ দিয়া এক ভিডিঅ’ ক্লিপযোগে আয়োজক সমিতিয়ে তেওঁক বঁটাৰ বাবে বাছনি কৰা কার্যক ধন্যবাদ জনায় আৰু কয় যে তেওঁ দেশ আৰু অসমৰ কথা বিদেশত থাকিও এক মুহূর্তৰ বাবেও নভবাকৈ থকা নাই৷ নিজৰ ভাব–চিন্তাক কর্মলৈ ৰূপান্তৰ কৰাৰ প্রচেষ্টাও গ্রহণ কৰা বুলি ডল্লেখ কৰি তেওঁ কয় যে চাকৰিৰ সময়খিনিৰ বাহিৰে বাকীখিনি সময় তেওঁ অৱসৰ বিলাসিতাৰ বাহিৰত নিজা স্বার্থৰ ঊর্ধ্বত কর্মত প্রবৃত্ত হৈ থাকে৷ ব্যক্তিক পৰিস্থিতিয়ে গঢ় দিয়ে বুলি মন্তব্য কৰি ড০ শর্মাই এই বঁটা প্রাপ্তিৰ দ্বাৰা অনাগত সময় অধিক উছাহেৰে কাম কৰি যাবলৈ উৎসাহ লাভ কৰিছে বুলি মন্তব্য কৰে৷ আজি এই বঁটা প্রদান কার্যসূচীৰ লগতে ৰাজ্যৰ কেইবাগৰাকী বিশিষ্ট সাংবাদিক, ব্যৱসায়িক, সমাজসেৱক, শিক্ষাৰ লগত জডিত ব্যক্তি, প্রশাসনিক ক্ষেত্রৰ লগত জডিত আদি ব্যক্তিক সম্বর্ধনা জনোৱা হয়৷ সংবাদক্ষেত্রৰ লগত জডিত বিশিষ্ট সাংবাদিক ভূপেন্দ্রনাথ ভট্টাচার্য, প্রাণজিৎ শইকীয়া, পার্থদেৱ গোস্বামী, ৰঞ্জনলাল শর্মা, মনজিত বৰা, কৌশিক কুমাৰ ডেকা আৰু দ্বীপৰাজ পেগুক বিশিষ্ট চিন্তাবিদ ড০ হিতেশ ডেকাই সম্বর্ধনা জনায়৷
সমাজসেৱক মৈনাক পাত্র, ডাঃ ৰঞ্জন গগৈ আৰু ড০ কিশোৰ হাজৰিকাক পদ্মশ্রী সন্মানপ্রাপক এলি আহমেদে সম্বর্ধনা জনায়৷ ব্যৱসায়ী হাবিব মহম্মদ চৌধুৰী, অজয় গগৈ, ঋষিৰাজ হাজৰিকা, ৰঘুবীৰ মাহাতো আৰু নন্দগিৰি ভূঞাক বিশিষ্ট শৰীৰচর্চাবিদ মহাদেৱ ডেকাই সম্বর্ধনা জনায়৷ শিক্ষা জগতৰ পুৰোধা দিগন্ত শর্মা আৰু বাবুল আলী চৌধুৰীক পদ্মশ্রী বঁটাপ্রাপক সূর্যকান্ত হাজৰিকাই সম্বর্ধনা জনায়৷ আনহাতে প্রশাসনিক ক্ষেত্রত আনন্দ প্রকাশ তিৱাৰী আৰু গৌতম দাসক সম্বর্ধনা জনায় বিশিষ্ট সমাজসেৱক তীর্থাংক দাস কলিতাই৷ অনুষ্ঠানত গীতাঞ্জলি দাস বৈশ্যকো সম্বর্ধনা জনোৱা হয়৷ বঁটা প্রদান অনুষ্ঠানৰ আৰম্ভণি কৰা হয় এটা গণেশ বন্দনাৰে৷ ইয়াৰ পিছতে অনুষ্ঠানত অংশগ্রহণ কৰা মুখ্য অতিথি আৰু বিশিষ্ট অতিথিসকলক সম্বর্ধনা জ্ঞাপন কৰা হয়৷
বিশিষ্ট ভাস্কর্য শিল্পী বীৰেন সিংহ, পদ্মশ্রী বঁটাপ্রাপক এলি আহমেদ, সূর্যকান্ত হাজৰিকা, বিশিষ্ট সমাজকর্মী তীর্থাংক দাস কলিতা, মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ডপাচার্য ড০ হিতেশ ডেকা, বিশিষ্ট শৰীৰচর্চাবিদ মহাদেৱ ডেকাক আয়োজক সমিতিৰ তৰফৰ পৰা গামোচা, চেলেং চাদৰ, ছ’চাইটীৰ অংগবস্ত্র আৰু এক স্মাৰকেৰে সম্বর্ধনা জনোৱা হয়৷ ইয়াৰ পিছতে অনুষ্ঠানৰ বন্তি প্রজ্বলন কৰে ‘আলোকপ্রভঞ্জন ৱেলফেয়াৰ ছ’চাইটী’ৰ মুখ্য উপদেষ্টা ডাঃ অঞ্জনজ্যোতি চৌধুৰী আৰু বিশিষ্ট সাহিত্যিক, সাংবাদিক নৰেন হাজৰিকাই৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে আয়োজক গোষ্ঠীৰ হৈ শংকৰ গোহাঁয়ে৷ অনুষ্ঠানৰ শেষৰ ফালে আয়োজক সমিতিৰ তৰফৰ পৰা প্রকাশ কৰা ‘আদৈদ্যআ’ নামৰ স্মৃতিগ্রন্থখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক, সাংবাদিক, প্রজ্ঞাৰ সাধক হোমেন বৰগোহাঞিয়ে৷ লগতে আলোকপ্রভঞ্জন ৱেলফেয়াৰ ছ’চাইটীৰ সৌজন্যত আৰম্ভ কৰা ‘ডি বি নিডজ’ নামৰ ডিজিটেল সংস্কৰণৰ শুভাৰম্ভ কৰে বিশিষ্ট চিন্তাবিদগৰাকীয়ে৷