নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোমেন বৰগোহাঞিক ওৰাঙৰ ১২ অনুষ্ঠান–সংগঠনৰ সম্বর্ধনা

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ ওৰাঙৰ ৰাইজৰ ইমান মৰম, ইমান আদৰ, সম্বর্ধনা দেখি মই অভিভূত হৈছোঁ৷ বুদ্ধিজীৱী, বিশিষ্ট সাহিত্যিক তথা ‘নিয়মীয়া বার্তা’ কাকতৰ মুখ্য সম্পাদক হোমেন বৰগোহাঞিয়ে শনিবাৰে ওৰাঙত এক অনানুষ্ঠানিক সম্বর্ধনা গ্রহণ কৰি গুণমুগ্ধৰ আগত এই বক্তব্য কৰে৷

ওৰাং সাহিত্য ভৱনত তেওঁক অঞ্চলটোৰ ১২ অনুষ্ঠান–সংগঠনে আন্তৰিকভাৱে সন্মান যাচে৷ উল্লেখ্য যে ওৰাং ৰাষ্ট্রীয় উদ্যান আৰু শোণিতপুৰ জিলাৰ পাঁচনৈৰ কনকা ৰিজ’টলৈ পর্যটকৰূপে অহা সাংবাদিক বৰগোহাঞিক ওৰাঙৰ ৰাইজে আদৰি নি ওৰাং সাহিত্য ভৱনত ওৰাং শাখা সাহিত্য সভা সমন্বিতে একাধিক অনুষ্ঠান, সংগঠন, বিশিষ্ট ব্যক্তিয়ে ফুলাম গামোচা, আৰনাই, নেপালী সম্প্রদায়ৰ ‘ধাকা টুপী’, কলম আদিৰে সম্বর্ধনা জ্ঞাপন কৰে৷

ওৰাং শাখা সাহিত্য সভা, অঃ জাঃ যুঃ ছাঃ পঃৰ ওৰাং আঞ্চলিক সমিতি, ওৰাং প্রাইমাৰী বড়ো সাহিত্য সভা, গোর্খা ছাত্র সন্থাৰ ওৰাং আঞ্চলিক সমিতি, ওৰাং আঞ্চলিক বেংগলী যুৱ–ছাত্র ফেডাৰেচন, আটছাৰ ওৰাং আঞ্চলিক সমিতি, ওদালগুৰি জিলা চাহ জনগোষ্ঠী সাহিত্য সভা, ওৰাং আঞ্চলিক কোচ ৰাজবংশী সন্মিলনী, শ্রীমন্ত শংকৰদেৱ সংঘৰ ওৰাং প্রাথমিক শাখা, ওৰাং আঞ্চলিক বিষ্ণুজ্যোতি মহিলা আৰু শিশু বিকাশ সমিতি, ওৰাং সংগীত মহাবিদ্যালয় পৰিয়াল, গ্লোবেল আৰু ৰাষ্ট্রীয় বঁটাপ্রাপ্ত কৃতী শিক্ষক কৃষ্ণ বৰা, আজুৰ উপ–সভাপতি তৰুণ ডেকা প্রমুখ্যে সকলোৱে বৰগোহাঞিক সন্মান যাচে৷ শিক্ষক অতুল চন্দ্র নাথে আঁত ধৰা সম্বর্ধনা অনুষ্ঠানত সাহিত্যিক বৰগোহাঞিয়ে কয়– বিভিন্ন জাতি–জনগোষ্ঠীৰ (ওৰাঙত) সমন্বয় আৰু ভাতৃত্বৰ মিলনত মই বাৰুকৈ সন্তোষিত৷ বৰগোহাঞিৰ এই যাত্রাৰ সংগী আছিল তেওঁৰ পুত্র এছ বি আইৰ উচ্চপদস্থ বিষয়া অনিন্দ বৰগোহাঞি, বোৱাৰী এছ বি আইৰ উচ্চপদস্থ বিষয়া শোভিনী বৰগোহাঞি, নাতিনী মনালিকা বৰগোহাঞি৷

You might also like