‘‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্য্যসূচী সফল কৰিবলৈ উলিওৱা বিভিন্ন ৰেলি–সমদলৰে উৎসৱৱমুখৰ ধুবুৰীৰ ৰাজপথ
নিয়মীয়া বাৰ্তা, ১২ আগষ্ট: ‘আজাদি কা অমৃত মহোৎসৱ’ৰ সৈতে সংগতি ৰাখি উলিওৱা ৰেলি, সমদল আদিৰে আজি পুৱাৰে পৰা এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হয় ধুবুৰীত। আজি পুৱাৰ ফালে ধুবুৰী আৰক্ষীৰ উদ্যোগত এটা মটৰ চাইকেল ৰেলি অনুষ্ঠিত হোৱাৰ বিপৰীতে ধুবুৰীৰ ঐতিহ্যমণ্ডুত ভোলানাথ মহাবিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হয় এক জনজাগৰণমূলক শোভাযাত্ৰা। আনহাতে আজি দুপৰীয়াৰ ফালে প্ৰায় শতাধিক ই–ৰিক্সাৰে এটা ৰেলি উলিয়ায় ধুবুৰীৰ একাংশ ই–ৰিক্সা চালকে।
ইপিনে আজি পুৱা চহৰৰখনৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সমীপৰ পৰা উলিওৱা বিশাল মটৰ চাইকেল ৰেলিটোত ধুবুৰী জিলাৰ উপায়ুক্ত অন্বামুথন এম পি, আৰক্ষী অধীক্ষক অভিজিৎ গুৰাৱকে ধৰি ধুবুৰী আৰক্ষী আৰু চিআৰপিএফৰ উচ্চপদস্থ অংশ লয়। ধুবুৰী আৰু পাৰ্শ্বৱৰ্তী গৌৰীপুৰ চহৰৰ একাংশ অঞ্চলেৰে আহি ধুবুৰী আৰক্ষী ছাউনিৰ খেলপথাৰত উপস্থিত হোৱাৰ পিছত আজিৰ সেই ‘ত্ৰিৰংগা মটৰ চাইকেল ৰেলি’টোৰ সমাপ্তি ঘটে ইপিনে স্বাধীনতা দিৱসৰ ‘অমৃত মহোৎসৱ’ৰ সৈতে সংগতি ৰাখি ঘৰে ঘৰে জাতীয় পতাকা উত্তোলনৰ জনজাগৰণ অনাৰ আজি ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ উদ্যোগতো এক শোভাযাত্ৰা উলিওৱা হয়। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ ধ্ৰুৱ কুমাৰ চক্ৰৱৰ্তীৰ নেতৃত্বত উলিওৱা শোভাযাত্ৰাটোত ছাত্ৰ-ছাত্ৰীসকলে ভিন্ন সুৰীয়া দেশপ্ৰেমমূলক গীত-মাত পৰিবেশনেৰে এক ভিন্ন মাত্ৰা প্ৰদান কৰে। প্ৰচণ্ড ৰ’দকো মেওচি ভেলানাথ মহাবিদ্যালয়ৰ অধ্যাপক, অধ্যাপিকা আৰু ডেৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে সেই শোভাযাত্ৰাটোত অংশ লয়। ইপিনে ‘আজাদী কা অমৃত মহোৎসৱ’ উদযাপনৰ অংশ হিচাপে ধুবুৰী জিলা প্ৰশাসনে অহাকালি বৰ লুইতত এটা ত্ৰিৰংগা নৌকা সমদলৰ আয়োজন কৰিছে৷ পুৱা ৯ বজাত ধুবুৰী চহৰৰ পৰা কাছাৰী ঘাটৰ পৰা আৰম্ভ হ’বলগীয়া সেই নৌকা সমদলটোত দেশৰ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তিৰ সৈতে সংগতি ৰাখি এমুঠ ৭৫টা মেৰাইন ইঞ্জিনযুক্ত সু-সজ্জিত নৌকাই অংশ ল’ব বুলি ধুবুৰীস্থ জনসংযোগ বিভাগৰ কাৰ্য্যালয় সূত্ৰে প্ৰকাশ।
অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী