নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৩ দিনতে মহানগৰীত দুগুণ আক্রান্ত- স্বাস্থ্যমন্ত্রী

নিয়মীয়া বাৰ্তা, ৬ জুলাইঃ ভয়াৱহ ৰূপ লোৱাত ক’ভিড–১৯এ অৱশেষত গুৱাহাটী মহানগৰীত মহামাৰীৰ ৰূপ লৈছে৷ গুৱাহাটীৰ পৰিস্থিতি অধিক জটিল কৰি শেহতীয়াকৈ ক’ৰোনা আক্রান্তৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পোৱাৰ পাছতে মহামাৰীৰ সংক্রমণ গুৱাহাটীত সোমাই পৰাৰ কথা আজি স্পষ্টকৈ অভিযোগ কৰিলে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মন্ত্রীগৰাকীৰ ভাষ্য– আমি আনুষ্ঠানিকভাৱে মহামাৰীত প্রৱেশ কৰিছোঁ৷ এই অৱস্থা অধিক ভয়ংকৰ৷ যিসকলে গুৱাহাটীত ক’ৰোনা সংক্রমণ সাধাৰণ পর্যায়ত থকা বুলি ধাৰণা কৰি আছে, ক’ৰোনা এক সাধাৰণ ৰোগ বুলি পতিয়ন নিয়াবলৈ চেষ্টা কৰি আছে, তাৰ এক বিপৰীত ছবিহে এতিয়া মহানগৰখনত চৌদিশে পৰিস্ফুট হৈ পৰিছে৷ শেহতীয়াকৈ গুৱাহাটীত একেদিনাই ৭৭৭জন লোক আক্রান্ত ৰূপে চিনাক্ত হোৱাৰ পাছত ৰাজধানী চহৰখন মহামাৰীত প্রৱেশ কৰাটো স্পষ্ট হৈ পৰিছে৷

জনতা ভৱনত এখন সংবাদ মেলৰ আয়োজন কৰি মন্ত্রীগৰাকীয়ে এই তথ্য প্রকাশ কৰাৰ লগতে কয় যে চৰকাৰে যোৱা ২৮ জুনৰ মাজনিশাৰ পৰা গুৱাহাটীত বলৱৎ হোৱা লকডাউনৰ সিদ্ধান্ত লোৱাত পলম কৰিলে পৰিস্থিতি অধিক ভয়াৱহ হ’লহেঁতেন৷ এইবাৰ লকডাউন সাধাৰণ ৰাইজৰ স্বতঃস্ফূর্তভাৱে পালন কৰা পৰিলক্ষিত হৈছে৷ এয়া ইতিবাচক দিশ৷ লকডাউনৰ কিছু শিথিলতা কাইলৈৰ পৰা দিয়া হ’ব৷ ইয়াৰ দ্বাৰা এইটো নহয় যে এনে ভয়ংকৰ পৰিস্থিতিত ৰাইজ আগৰ দৰে বজাৰে–সমাৰে ভিৰ কৰিব৷ প্রতিজন লোকে দায়িত্ব সহকাৰে পৰিস্থিতিৰ মাজত চলিব লাগিব৷ ইফালে অসমে ক’ভিড পৰীক্ষাৰ ক্ষেত্রত বিশেষ সফলতাৰে চতুর্থ স্থান লাভ কৰা বুলি উল্লেখ কৰি স্বাস্থ্যমন্ত্রীগৰাকীয়্ কয়– যোৱা সময়ছোৱাত কেৰালা আদি ৰাজ্যই ক’ভিড পৰীক্ষাৰ ক্ষেত্রত সফলতা লাভ কৰা বুলি বিশেষ চর্চা লাভ কৰি আছে যদিও অসমেও এইক্ষেত্রত পিছপৰি থকা নাই৷ ইতিমধ্যে ৪,৫৫,২২৩টা ক’ভিড পৰীক্ষা সম্পন্নৰে অসমে দেশৰ ভিতৰত চতুর্থ স্থান লাভ কৰিছে৷ এই কথা ইতিমধ্যে নিটি আয়োগৰ চি ই অ’ই টুইটাৰযোগে স্পষ্ট কৰিছে৷ উল্লেখ্য যে গুৱাহাটীৰ পৰিস্থিতি ক্রমাৎ অৱনমিত হোৱাৰ সময়তে একাংশ সংবাদ মাধ্যমত ক’ভিড–১৯ টেষ্টৰ ক্ষেত্রত সৃষ্টি হোৱা খেলিমেলিক লৈ বিতর্ক সৃষ্টি হৈছে৷ আজি এই প্রসংগ উত্থাপন কৰি মন্ত্রী ড০ শর্মাই কয়– যোৱা সময়ছোৱাত প্রতিটো লেবৰেটৰীত সহস্রাধিক ক’ভিড পৰীক্ষা সম্পন্ন কৰা হৈছে৷

ইয়াৰে মাত্র কেইটামান পৰীক্ষাৰহে ফলাফল ভুলকৈ প্রকাশ হৈছে৷ কিন্তু ইয়াৰ বিপৰীতে যোৱা ৩ মাহত প্রতিটো লেবৰ পৰা সঠিক ফলাফল প্রকাশ হৈ আহিছে৷ ইয়াকে লৈ অযথা বিতর্কৰ সৃষ্টি কৰা হৈছে৷ মন্ত্রীগৰাকীয়ে প্রকাশ কৰা তথ্য অনুসৰি অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত এতিয়ালৈ ২৬,৭০৮গৰাকী লোকৰ ক’ভিড টেষ্ট কৰা হৈছে আৰু ইয়াৰে তিনিটাহে ভুল ফলাফল ওলাইছিল৷ একেদৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰীক্ষাগৃহত ৪৭,৬০৮টা পৰীক্ষা হোৱাৰ পাছত ডাটা এণ্ড্রীত এটা ভুল হৈছে, শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৩৮,১২৫টা পৰীক্ষাৰ পাছত এটাও ভুল হোৱা নাই, তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ৪১,১০৭টা পৰীক্ষাৰ অন্তত ভুল হৈছে এটা, বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৫১,৪৪৯টা পৰীক্ষাৰ অন্তত এটাও ভুল হোৱা নাই, আৰ এম আৰ চি লাহোৱালত ৩৮,৬৪২টা পৰীক্ষাৰ পাছত তিনিটা ভুল ওলাইছিল৷ আনহাতে, ডিফুত ৮ হাজাৰ লোকক পৰীক্ষাৰ পাছত ইয়াৰ ফলাফলত তিনিটা ভুল ওলাইছে৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৭৭,৩৭২টা পৰীক্ষাৰ অন্তত ৪০টা ভুল ওলাইছে৷ মন্ত্রী ড০ শর্মাই এই তথ্য উল্লেখ কৰি কয়– ইমান বৃহৎসংখ্যক ক’ভিড পৰীক্ষাৰ অন্তত যিসংখ্যক ভুল ওলাইছে, সেয়া সাধাৰণ মানুহ হিচাপে এয়া স্বাভাৱিক৷ ইয়াকে লৈ অযথা বিতর্কৰ প্রয়োজন নাই৷ আজি পৰিৱেশ যথেষ্ট জটিল৷

কিছুমানে এই পৰিৱেশক লৈ ৰাজনীতি কৰিব বিচাৰিছে৷ এক নিৰাপদ দূৰত্বত অৱস্থান কৰি ভিতৰত কাম কৰি থকা লোকসকলক সমালোচনা কৰি থকাটো সহজ৷ দুই–এটা ভুলৰ বাবে মানৱতাৰ উৎকৃষ্ট নিদর্শন দাঙি ধৰাসকলক হেয় প্রতিপন্ন কৰিব বিচৰা হৈছে৷ কিছুমানে ছ’চিয়েল মিডিয়াৰ জৰিয়তে কিছু ফটো প্রকাশ কৰি, ভিডি’ প্রকাশ কৰি এক নেতিবাচক দিশ দাঙি ধৰিবলৈ চেষ্টা কৰিছে যে ক’ৰোনাক লৈ চৰকাৰখনে একো কৰা নাই৷ কিন্তু সেইসকল লোকক মই পি পি ই কিট পৰিধান কৰি আই চি ইউত প্রৱেশ কৰি জীৱনৰ সৈতে যুদ্ধ কৰি থকা ৰোগীসকলক চাবলৈ আহ্বান জনালোঁ৷ কিদৰে ক’ৰোনাত আক্রান্ত হৈ এইসকল লোকে আই চি ইউত মৰণপণ যুঁজ দি আছে৷ স্বাস্থ্যমন্ত্রীগৰাকীয়্ আজি আন এক তথ্য প্রকাশ কৰি জানিবলৈ দিয়া মতে, বর্তমান জি এম চিৰ আই চি ইউত ২৫গৰাকী লোক আছে৷ সেইদৰে মহেন্দ্র মোহন চৌধুৰী হাস্পতালত ৫জন, শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত ৫জন, ডিব্রুগড় চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত ২জন, যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত এজন আৰু বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত এজন লোক চিকিৎসাধীন হৈ আছে৷ ভেণ্টিলেটৰ নোহোৱাকৈ আই চি ইউত আছে ৩২জন ৰোগী৷ আনহাতে, অক্সিজেন লৈ আছে ১৫জন ক’ৰোনা আক্রান্ত ৰোগী৷ গুৱাহাটীৰ জটিল পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি লকডাউনৰ পূর্বৰে পৰা ৫০ হাজাৰ লোকক পৰীক্ষা কৰাৰ বাবে স্বাস্থ্য বিভাগে আৰম্ভ কৰা নিশ্চয়তা অভিযানত ইতিমধ্যে ৮১,৯৭৯জন লোকক পৰীক্ষা সম্পন্ন কৰা হৈছে৷ মন্ত্রীগৰাকীয়ে প্রকাশ কৰা মতে গুৱাহাটীত আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে যদিও এতিয়াও একেদিনাই দুগুণ বৃদ্ধি পোৱা নাই অর্থাৎ ১৩ দিনৰ অন্ততহে আক্রান্তৰ সংখ্যা দুগুণ হৈছে৷

কামৰূপ মহানগৰ জিলাত যোৱা ২৪ জুনত আক্রান্তৰ সংখ্যা আছিল ৬৩জন৷ ২৫ জুনত এই সংখ্যা ১৩৬, ২৬ জুনত ২০৩, ৩০ জুনত ৩৮০ আৰু ৪ জুলাইত এই সংখ্যা ৭৮২জনলৈ বৃদ্ধি পাইছে৷ কামৰূপ জিলাৰ তুলনাত আন জিলাসমূহত আক্রান্তৰ সংখ্যা এনেধৰণে বৃদ্ধি পোৱা নাই৷ ইফালে ক’ৰোনা আক্রান্তসকলক বিশেষ চিকিৎসাৰ বাবে আৰম্ভ কৰা প্লাজমা থেৰাপীৰ কাম গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত আৰম্ভ কৰাৰ কথা প্রকাশ কৰি স্বাস্থ্যমন্ত্রীগৰাকীয়্ কয়– ইতিমধ্যে প্লাজমা বেংকত প্রথম প্লাজমা দিছে এজন চিকিৎসকে৷ তেওঁ হ’ল ডাঃ লিথিকেশ৷

You might also like