নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰ: নগাঁও চহৰৰ কলঙৰ বাকৰি নেহেৰুবালিত ১৫ ৰ পৰা ২২ ডিচেম্বৰলৈ হোমেন বৰগোহাঞি ক্ষেত্ৰত অনুষ্ঠিত হ’ব নগাঁও গ্ৰন্হমেলা ২০২২ । ১৫ ডিচেম্বৰৰ পুৱা গ্ৰন্থমেলা উদযাপন সমিতিৰ সভাপতি ৰূপক শৰ্মাই পতাকা উত্তোলনৰে গ্ৰন্থমেলাৰ কাৰ্যসূচী শুভাৰম্ভ কৰিব। সেইদিনাই বিয়লি ১বজাত অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই আনুষ্ঠানিক ভাবে গ্ৰন্থমেলা উদ্বোধন কৰিব । এই অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ বিশ্নবিদ্যালয়ৰ উপাচাৰ্য ড° মৃদুল হাজৰিকা আৰু বিশিষ্ট সাহিত্যক আনন্দ বৰমুদৈ অতিথি হিচাপে উপস্থিত থাকিব । আজি নেহৰুবালিৰ গ্ৰন্থমেলাস্হলিত আয়োজিত এক সংবাদমেলত সাংস্কৃতিক গোষ্ঠী ‘কল্লোল’ আৰু জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত নগাঁও গ্ৰন্হমেলা২০২২ৰ সভাপতি, বিধায়ক ৰূপক শৰ্মাই কয় – ১৯৯৬ চনৰ পৰা এই গ্ৰন্হমেলা প্ৰতি দুবছৰৰ মূৰে মূৰে আয়োজন কৰি অহা হৈছে।এইবাৰ এই গ্ৰন্থমেলাই চতুৰ্দ্দশ বৰ্ষত ভৰি দিছে । এই বাৰৰ গ্ৰন্থমেলাত শিশু আৰু চেমনীয়াৰ বাবে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। তদুপৰি গ্ৰন্থৰ বিক্ৰীৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা হৈছে। গ্ৰন্থমেলাত পূৰ্বৰ দৰেই ৰাজ্যখনৰ বিভিন্ন গ্ৰন্থ বিপনিৰ উপৰিও বহি: ৰাজ্যৰ গ্ৰন্থ বিপনিয়ে অংশ গ্ৰহণ কৰিব। শৰ্মাই লগতে জানিবলৈ দিয়ে যে বাংলাদেশৰ গ্ৰন্থ বিপনিয়েও গ্ৰন্থমেলাত অংশ গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।
বিধায়ক গৰাকীয়ে আৰু কয় নগাঁও গ্ৰন্থমেলাৰ এক সুকীয়া পৰিচয় আছে। কাৰণ নগাঁও গ্ৰন্থমেলালৈ সকলো প্ৰকাশন গোষ্ঠী আহিব বিচাৰে । গ্ৰন্হমেলাত প্ৰতিদিনে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ’ব । কাৰ্যসূচী সমূহৰ ভিতৰত আছে ১৬ ডিচেম্বৰত পুৱা কবিমেল , সন্ধ্যা মুকলি কুইজ, সাংস্কৃতিক অনুষ্ঠান । ১৭ ডিচেম্বৰত লিখকৰ সৈতে ভাব বিনিময় অনুষ্ঠান , সদৌ অসম ভিত্তিত মুকলি কুইজ প্ৰতিযোগিতা । ১৮ ডিচেম্বৰত পুৱা শিশুৰ মাজত চিত্ৰাংকন , সাধু কোৱা , কবিতা আবৃত্তি আৰু অন্যান্য প্ৰতিযোগিতা । ১৯ ডিচেম্বৰত দুপৰীয়া আলোচনা চক্ৰ , সন্ধ্যা যোগাসনৰ অনুষ্ঠান । ২০ ডিচেম্বৰৰ পুৱাবেলা আলোচনা চক্ৰ , বিয়লি কবিমেল , সন্ধ্যা সাংস্কৃতিক অনুষ্ঠান । ২১ ডিচেম্বৰৰ দুপৰীয়া গীত মাতৰ অনুষ্ঠান , সন্ধ্যা সাংস্কৃতিক অনুষ্ঠান । ২২ ডিচেম্বৰৰ অন্তিম দিনা দুপৰীয়া ‘চলচিত্ৰ তত্ত্ব আৰু দৰ্শক ‘ শীৰ্ষক আলোচনা চক্ৰ আৰু সন্ধ্যা গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব । গ্ৰন্হমেলা আয়োজক সমিতিৰ সভাপতি ৰূপক শৰ্মা , সম্পাদক দ্বয় নৌচাদ আখতাৰ হাজৰিকা আৰু শিৱানন্দ কাকতিয়ে সকলোৰে উপস্থিতিৰে নগাওঁ গ্ৰন্হমেলা ২০২২ সফল কৰি তোলাৰ আহবান জনাইছে ।