২,৫০০ কিঃমিঃ খোজকাঢ়ি অন্ধ্রপ্রদেশৰ পৰা অসমলৈ অহাৰ বাবে সাজু নগাঁৱৰ ৪১ লোক
নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ নগাঁও জিলাৰ বিভিন্ন প্রান্তৰ কেইবাশ শ্রমিক বহিঃৰাজ্যত আবদ্ধ হৈ আছে৷ বিশেষকৈ কেৰালা, অন্ধ্রপ্রদেশ, বাংগালুৰু, কলকাতা, মুম্বাই আদি ৰাজ্যত আবদ্ধ হৈ আছে এই লোকসকল৷ এই লোকসকলৰ ভিতৰত আছে বিভিন্ন কোম্পানীত কর্মৰত শ্রমিক, ছিকিউৰিটী গার্ড, ৰোগী, ৰোগীৰ আত্মীয়, তীর্থযাত্রী আৰু ছাত্র–ছাত্রী৷ বহিঃৰাজ্যত আবদ্ধ হৈ থকা এই লোকসকলৰ হাতৰ ধন শেষ হৈ পৰাত ভীষণ সমস্যাৰ সন্মুখীন হৈছে৷ ধনৰ অভাৱত প্রয়োজনীয় খাদ্যপর্যন্ত সংগ্রহ কৰিবলৈ সক্ষম নোহোৱাত অর্ধাহাৰ, অনিদ্রাৰে চৰম অনিশ্চয়তাৰ মাজত দিন কটাবলগীয়া হৈছে৷ ইপিনে, সুদূৰ অন্ধ্রপ্রদেশত আবদ্ধ হৈ আছে অসমৰ ৩৩জন লোক৷ তীব্র খাদ্য সংকটত আৰু নিৰাপত্তাহীনতাত ভুগি সম্প্রতি অসহায় হৈ পৰিছে এই লোকসকল৷ অভাৱনীয়ভাৱে আহি পৰা এই লকডাউনৰ ফলত এই লোকসকলে চকুলোৰে বাট নেদেখা হৈছে৷ ঘনে ঘনে অসমৰ আত্মীয়–স্বজনলৈ ফোন কৰি সুফল লাভ কৰিবলৈ সক্ষম হোৱা নাই এওঁলোক৷ বিগত ২৬ দিনে দেশব্যাপী আহ্বান জনোৱা সর্বাত্মক বন্ধৰ পৰিপ্রেক্ষিতত এই শ্রমজীৱী নাগৰিকসকল আবদ্ধ হৈ হতাশ হৈ পৰিছে৷ আনকি তেওঁলোকৰ হাতত থকা টকা–পইচা শেষ হোৱাৰ বাবে আৰু অধিক উদ্বিগ্ণ হৈ পৰা পৰিলক্ষিত হৈছে৷ যাৰ বাবে অনাহৰে মৰাৰ বিপৰীতে লৈছে তেওঁলোকৰ জনমভূমি অসমত মৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ মৃত্যুবৰণৰ সংকল্প লৈ প্রায় ২৫০০ কিঃমিঃ পথ খোজকাঢ়ি অসমলৈ অহাৰ মৰসাহ বুকুত বান্ধিছে অসমৰ আবদ্ধ লোককেইজনে৷ কেৱল হাতত পানী বটল লৈ সাজু হৈ অসম অভিমুখে আহিবলৈ প্রস্তুত হৈছে ৩৩জন লোক৷ আবদ্ধ লোকসকলৰ মাজত এজন ব্যক্তিৰ কিছুদিন পূর্বে অস্ত্রোপচাৰো কৰা হৈছিল৷ ফলত ৰুগীয়া লোকজনৰ বাবে সমস্যাত পৰিছে অসম অভিমুখী দলটি৷ অন্ধ্রপ্রদেশৰ প্রকাশম জিলাৰ অংগুলৰ বি ভি এত গ্রেনাইট কোম্পানীত কর্মৰত আছিল এই লোকসকল৷ উক্ত লোকসকলৰ অধিকাংশৰ ঘৰ নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ বিভিন্ন ঠাইত৷ তেওঁলোকে জনোৱা মতে, দলটোত শিশু–মহিলাৰ সৈতে মুঠ ৪১জন লোক আবদ্ধ হৈ আছে৷ প্রথম অৱস্থাত কোম্পানীৰ ফালৰ পৰা কিছু সহায় আগবঢ়াইছিল যদিও সেয়া পর্যাপ্ত নাছিল৷চৰকাৰী হেল্পলাইনত যোগাযোগ কৰিও কোনো সঁহাৰি নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে লোককেইজনে৷ তদুপৰি অসমৰ বহুকেইজন লোকৰে যোগাযোগ হোৱা সত্ত্বেও এইপর্যন্ত সহায় পোৱা নাই আবদ্ধ লোককেইজনে৷ স–হূদয় লোকক আর্তজনক সহায়ৰ বাবে অনুৰোধ জনাইছে৷