৫ দিনৰ ভিতৰতে পতি–পত্নীৰ মৃত্যু, পুত্র–বোৱাৰীও চিকিৎসাধীন
নিয়মীয়া বাৰ্তা, ২ আগষ্ট: এতিয়া ক’ৰোনা কাল চলিছে সমগ্র বিশ্বত৷ বহুতৰ বাবে কাল হৈ আহিছে ক’ৰোনা ভাইৰাছ৷ মৃত্যুৰ কিৰীলি হৈ মহামাৰী ক’ৰোনাত বিশ্বজুৰি কেইবালাখ লোকৰ মৃত্যু হৈছে৷ আমাৰ দেশ তথা ৰাজ্যতো ক’ৰোনাত তচনচ হৈছে বহু পৰিয়াল৷ যোৰহাটৰ এটা পৰিয়ালৰ জীৱনো ওলট–পালট কৰি দিলে ক’ৰোনাই৷ মাত্র পাঁচ দিনৰ ভিতৰত পৰিয়ালৰ মুৰব্বী পতি–পত্নী দুয়ো কৰুণ মৃত্যুক সাবটি লৈছে ক’ৰোনাত আক্রান্ত হৈ৷ যোৱা ২৮ জুলাইৰ সন্ধ্যা পৰিয়ালৰ মুৰব্বী যোৰহাটৰ ৰজামৈদাম নিৱাসী প্রায় ৮০ বছৰীয়া ড০ এছ এ ডব্লিউ হুছেইনৰ যোৰহাট মেডিকেল কলেজ হাস্পতালত মৃত্যু হয়৷ একেলগেই ক’ৰোনাত আক্রান্ত তেওঁৰ পত্নী আৰাম বেগমৰ আজি বিয়লি যোৰহাট মেডিকেল কলেজ হাস্পতালত মৃত্যু হয়৷
কেৱল ইমানেই নহয়, তেওঁলোকৰ পুত্র আৰু বোৱাৰীয়ো ক’ৰোনাত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে যোৰহাট মেডিকেলত৷ চাৰিজনীয়া পৰিয়ালটোৰ সদস্যৰ মাজত কেবাদিনো দেখা–সাক্ষাৎ নোহোৱাকৈ ইতিমধ্যে বিদায় ল’লে দুজনে৷ চিকিৎসাধীন পুত্র–বোৱাৰীয়ে বৃদ্ধ দম্পতিৰ অন্তিম সৎকাৰতো ভাগ ল’ব নোৱাৰিলে৷ এই পাঁচ দিনৰ ঘটনাক্রম আছিল অতি কৰুণ৷ প্রায় এসপ্তাহ পূর্বে পৰিয়ালৰ মুৰব্বী ড০ হুছেইনৰ গা বেয়া লগাত তেওঁক যোৰহাট মেডিকেল কলেজ হাস্পতালত ভর্তি কৰোৱা হয়৷ তেওঁৰ শৰীৰত ক’ভিড–১৯ পজিটিভ ধৰা পৰে আৰু অৱস্থা গুৰুতৰ হোৱাত আই চি ইউত ভর্তি কৰোৱা হয়৷
ইয়াৰ পিছত পুত্র, বোৱাৰী আৰু পত্নীৰ শৰীৰতো ক’ভিড পজিটিভ ধৰা পৰিল৷ তেওঁলোকক ঘৰতে আছুতীয়াকৈ থকাৰ ব্যৱস্থা কৰা হয় যদিও মঙলবাৰে বিয়লি হঠাৎ তেওঁলোকৰ মাতৃও গুৰুতৰভাৱে অসুস্থ হৈ পৰে৷ অক্সিজেন লেভেল হঠাৎ কমি যোৱাত লগে লগে এম্বুলেঞ্চযোগে তেওঁকো লৈ যোৱা হ’ল যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ৷ মহিলাগৰাকীক আইচিইউত যি সময়ত ভর্তি কৰোৱা হ’ল তাৰ মাত্র কিছু সময়ৰ পূর্বে মৃত্যু হৈছিল তেওঁৰ স্বামীৰ৷ এই কথা মহিলাগৰাকীক নজনোৱাকৈ তেওঁক চিকিৎসা প্রদানৰ সিদ্ধান্ত লয় চিকিৎসকে, যাতে ৰুগ্ণ মহিলাগৰাকী মানসিকভাৱে ভাগি নপৰে৷ আনহাতে আইচিইউত যিখন বিছনাত ড০ হুছেইন আছিল, সেই বিছনাখনতেই চিকিৎসা আৰম্ভ কৰা হয় তেওঁৰ পত্নীকো৷ কিন্তু ক্রমান্বয়ে দেহত অক্সিজেনৰ পৰিমাণ কমি অহা মহিলাগৰাকীৰ আজি মৃত্যু হয়৷ স্বামীৰ মৃত্যুৰ খবৰ নজনাকৈ তেৱোঁ শেষ নিশ্বাস ত্যাগ কৰিলে৷ পুত্র–বোৱাৰীও ক’ৰোনাত আক্রান্ত হৈ চিকিৎসাধীন হৈ থকাৰ বাবে অন্তিম সৎকাৰত উপস্থিত থাকিব নোৱাৰিলে পৰিয়ালৰ লোক৷ ক’ৰোনাই হঠাতে কালধুমুহা নমাই অনা এই পৰিয়ালটোৰ মর্মান্তিক কাহিনীয়ে সকলোৰে বুকু কঁপাই গৈছে৷