ৰঙাপৰাত পৌৰসভা নিৰ্বাচনৰ প্ৰচাৰ বুজ ল’লে ৰঙাপৰাৰ বিধায়কে
নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰীঃ সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে শোণিতপুৰৰ ৰঙাপৰাতো পৌৰসভা নিৰ্বাচনক কেন্দ্ৰ কৰি জোৰদাৰ প্ৰচাৰ অভিযান অব্যাহত আছে। ৰঙাপৰা পৌৰসভা নিৰ্বাচনত শাসকীয় বিজেপি দলে পুনৰবাৰ নিজৰ দখললৈ অনাৰ বাবে ৰণনীতি প্ৰস্তুত কৰি ইতিমধ্যে জোৰদাৰ প্ৰচাৰ অব্যাহত ৰাখিছে। ৰঙাপৰাত একপ্ৰকাৰে বিজেপিৰ প্ৰতিটো মণ্ডল, মৰ্চা, প্ৰভাৰী প্ৰচাৰত উবুৰি খাই পৰা পৰিলক্ষিত হৈছে। এনেদৰে নিৰ্বাচনী প্ৰচাৰ চলি থকাৰ মাজতে কালি সন্ধ্যা ৰঙাপৰা পৌৰ সভাৰ অধীনৰ ৭ নং ৱাৰ্ডত ৭৪ নং ৰঙাপৰা বিধানসভা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতী উপস্থিত হৈ ৱাৰ্ডটোৰ বিজেপি মনোনীত প্ৰাৰ্থী সুভ্ৰা পালৰ হৈ কাৰ্যকৰ্তাসকলে চলাই থকা প্ৰচাৰ অভিযানৰ বুজ লয়। বিধায়কগৰাকীয়ে লগতে নিৰ্বাচনী পৰিচালনা সমিতিৰ সমূহ বিষয়ববীয়াৰ সৈতে মত-বিনিময় কৰি পৌৰসভাৰ দহটাকৈ ৱাৰ্ডৰো প্ৰচাৰৰ অগ্ৰগতি খতিয়ান লয়। বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে এইবেলি ৰঙাপৰাৰ ৰাইজে পুনৰবাৰ অধিক উন্নয়নৰ বাবে বিজেপিৰ প্ৰাৰ্থীকে জয়যুক্ত কৰিব ।