ৰঙাপৰা অসম ভেলী বিদ্যালয়ৰ ২৭ তম প্রতিষ্ঠা দিৱস উদযাপন
নিয়ৰ্মীয়া বাৰ্তা, ২২অক্টোবৰ : ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত হাড়চূড়াৰ অভিজাত আৱাসিক স্কুল হিচাপে সুনাম অর্জন কৰা অসম ভেলী স্কুলে এই বেলি ২৭ তম প্রতিষ্ঠা দিৱস উদযাপন কৰিছে। এই প্রতিষ্ঠা দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে লেখক, গৱেষক দাৰ্শনিক ড০পাৰ্থ ঘোসে। অনুষ্ঠানত নিজৰ পৰিচয়, নিজৰ প্ৰতিভা নিজে দাঙি ধৰিবলৈ ছাত্ৰ -ছাত্ৰীসকলক তেওঁ আহ্বান জনায়। সৰু সৰু বিষয়ত গুৰুত্ব আৰোপ কৰিবলৈ তেওঁ আহ্বান জনায়। সমাজত এটা পৰিচয় দাঙি ধৰা আৰু সকলোৰে সৈতে চিনাকি হোৱাৰ কথা তেখেতে উল্লেখ কৰি নিজক সন্মান কৰিব নাজানিলে আনকো সন্মান কৰিব নাজানিব বুলি তেওঁ ভাষণত কয় । তিনিদিনিয়া বৰ্ণাঢ্য কাৰ্য্যসুচীৰে অনুষ্ঠিত কৰা প্ৰতিষ্ঠা দিৱসটিৰ কালি বিয়লি সামৰণি পৰে।