নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙাপৰা মহাবিদ্যালয়ত দিগন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰী: “ভাৰতীয় শিক্ষাব্যৱস্থাত নতুন শিক্ষানীতিয়ে আমূল পৰিৱৰ্তন আনিব । শিক্ষা এতিয়া বাণিজ্যলৈ পৰ্যবসিত হৈছে।”- এই ভাষ্য বিশিষ্ট লেখক, সুবক্তা দিগন্ত বিশ্ব শৰ্মাৰ । আজি শোণিতপুৰৰ ৰঙাপৰা মহাবিদ্যালয়ত আই কিউ এ চিৰ উদ্যোগত অনুষ্ঠিত “ভাৰতবৰ্ষৰ শিক্ষাদৃষ্টিত এভূমুকি : বিবেকানন্দ, অৰবিন্দৰপৰা ইউনেস্কলৈ” শীৰ্ষক এক বক্তৃতানু্ষ্ঠানত আমন্ত্ৰিত বক্তা হিচাপে উপস্থিত থাকি শৰ্মাই এই মন্তব্য কৰিছে । তেখেতে লগতে ভাৰতীয় শিক্ষাব্যৱস্থাৰ ওপৰতো আলোকপাত কৰে । অনুষ্ঠানত ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰঞ্জন কলিতা, পৰিচালনা সমিতিৰ সভানেত্ৰী ড০ চাৰু চহৰীয়া নাথৰ লগতে অধ্যাপক ,অধ্যাপিকা, শিক্ষাৰ্থী উপস্থিত থাকে।

You might also like