নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত পথ দুৰ্ঘটনা; শিশু-মহিলাসহ ১৩ যাত্ৰী আহত

  • চিকিৎসাত হেমাহি , কাইৰবাহা স্বাস্থ্য কেন্দ্ৰৰ বিৰুদ্ধে প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ১৭ এপ্ৰিল:- ৰঙিয়াৰ বৰঘুলিত আজি সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত শিশু , মহিলাসহ ১৩ জনকৈ যাত্ৰী গুৰুতৰভাৱে আহত হয় । ৰঙিয়া-গোৰেশ্বৰ পথত নিয়ন্ত্ৰণ হেৰুৱাই যাত্ৰীবাহী চলন্ত টেম্পোৱে নাৰিকল গছত খুন্দিওৱাত দুৰ্ঘটনাটো সংঘটিত হয় । দুৰ্ঘটনাটোত আহত যাত্ৰীসকল ৰঙিয়াৰ সমীপৰ লাহাপাৰা আৰু হাতিমূৰা গাঁৱৰ । বৰঘুলিৰ পৰা কাউৰবাহালৈ গৈ থকা অৱস্থাত ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় । দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত যাত্ৰীসকলক ততাতৈয়াকৈ সমীপতে থকা নিজ কাউৰবাহা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় । আহত কেইজন ক্ৰমে চুহানি বড়ো (১), প্ৰীতম বড়ো (৪), জন বড়ো (৬), চন্দ্ৰধৰ বড়ো (৪৪), ৰত্ন স্বৰ্গীয়াৰী (৪২), ৰহিতচ স্বৰ্গীয়াৰী (৫১), ৰিনা বড়ো (৪০), অষ্টমী বড়ো (৩৫), লভিতা বড়ো (২২), দেওবাৰী বড়ো (৩৫), মামিনি বড়ো (৩০), ৰিনা বড়ো (৪২) আৰু টেম্পো চালক নেৰশ্বৰ বড়ো (৩০) । কিন্তু চিকিৎসালয়খনত গুৰুতৰভাৱে আহত লোকসকলক পৰ্যপ্ত চিকিৎসা প্ৰদান কৰিব নোৱাৰাত উত্তপ্ত হৈ পৰে চিকিৎসালয় চৌহদ । একাংশ ৰাইজে চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে । পিছত গুৰুতৰভাৱে আহত যাত্ৰীসকলক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ।

ফাৰুক হুছেইন , ৰঙিয়া ।

You might also like