নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত সংগীত গ্ৰুপ অৱ ক্ৰিয়েচনৰ উদ্যোগত বিশেষ ৰাজ্যিক বটাঁ প্ৰদান অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰঃ ৰঙিয়াত ঐতিহাসিক হৰদত্ত-বীৰদত্ত ভৱনত সংগীত গ্ৰুপ অৱ ক্ৰিয়েচনৰ উদ্যোগত বানেশ্বৰ দেৱ শৰ্মা সোঁৱৰণী উমানাথ শিক্ষাগুৰু বটাঁ-২০২২ প্ৰদান অনুষ্ঠানৰ কাৰ্যসূচী অনুষ্ঠিত হয় । সংগঠনটোৰ সম্পাদক পঙ্কজ পল্লৱ শৰ্মাই সঞ্চালনা কৰা আৰু উজ্জ্বল ডেকাই আঁতধৰা অনুষ্ঠানটোত সাহিত্য , সংস্কৃতি , ক্ৰীড়া, চিকিৎসা , সামাজিক, ৰাজনীতিকে আদি কৰি বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা সেৱাৰ বাবে বটাঁ প্ৰদান কৰা হয় । বিশেষকৈ চিকিৎসা ক্ষেত্ৰৰ বাবে ‘সেৱা-ৰত্ন’ বঁটা আগবঢ়োৱা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ স্নাযু শৈল্য বিভাগৰ মুৰব্বী অধ্যপক ডা: মৃণাল ভূঞাক । ইয়াৰ উপৰিও জনপ্ৰিয় অভিনেতা চম্পক শৰ্মাক জীৱনজোৰা সাধনাৰ স্বীকৃতি স্বৰূপে নটচাৰ্য্য বটাঁ,বিশিষ্ট চিকিৎসক ডা: হিতেন কলিতাক ৰঙিয়া-ৰত্ন, স্থানীয় বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাক গণ-হিতৈষী বটাঁ, ডা: বেদব্ৰত পাঠকক মানৱ হিতৈষী বটাঁ, ৰামচৰণ পাঠকক নাম-শিৰোমণি বটাঁ, মইনুল হ’ক চৌধুৰীক সাহিত্যৰ-সাধক বটাঁ, বিকাশ ভট্টাচাৰ্য্যক ক্ৰীড়াশ্ৰী বটাঁ, জনপ্ৰিয় কন্ঠ শিল্পী কুমাৰ ভৱেশ কলিতাক কণ্ঠশ্ৰী বটাঁ, লিখিকা ডঃ ৰুণুমী দত্ত ডেকাক সু-অনি বটাঁৰ লগতে নৃপন ভূঞাক বিশিষ্ট সমাজ সেৱকৰ বটাঁ প্ৰদান কৰা হয় । ইফালে বিশেষ ৰাজ্যিক বটাঁ প্ৰদান অনুষ্ঠানৰ সংগতি ৰাখি জনপ্ৰিয় অভিনেত্ৰী কাশ্মিৰী শইকীয়া বৰুৱাকে ধৰি আন কেবাগৰাকী বিশিষ্ট লোকৰ উপস্থিতিত স্মৰণিকা ‘দৈষ্টিক’ আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিধায়ক ভৱেশ কলিতাই। অনুষ্ঠানৰ প্ৰাক্ ক্ষণত প্ৰয়াত বানেশ্বৰ দেৱ শৰ্মাৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰে সহধৰ্মিনি জয়মতী দেৱীয়ে ।

You might also like