ৰঙিয়াত ৰেচন কাৰ্ডৰ চাউলৰ পৰা বঞ্চিত দুই শতাধিক গঞা; ৰাজপথত প্ৰতিবাদ
নিয়মীয়া বাৰ্তা, ৯ অক্টোবৰঃ ৰঙিয়াৰ সমীপৱৰ্তী বিটিআৰৰ গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত খন্দিকৰত খাদ্য সুৰক্ষা আইনৰ অন্তৰ্গত ৰেচন কাৰ্ডৰ চাউলৰ পৰা বঞ্চিত হৈছে দুই শতাধিক দৰিদ্ৰ পৰিয়াল।
লকডাউনৰ সময়ত আৰ্থিকভাৱে জুৰুলা হৈ পৰা এই দুখীয়া লোক সকলে বিনামূলীয়া চাউলৰ পৰা বঞ্চিত হোৱাত ক্ষুব্ধ হৈ পৰে। খাদ্য আৰু অসামৰিক যোগান বিভাগৰ হেমাহিৰ বাবে খাদ্য সুৰক্ষাৰ কাৰ্ড থকাৰ পিছতো বিনামূলীয়া চাউল লাভ কৰা নাই।
অনলাইনত নাম অন্তৰ্ভুক্ত নোহোৱা বাবে এইসকল হিতাধিকাৰীয়ে দুবছৰ ধৰি প্ৰাপ্যৰ পৰা বঞ্চিত হব লগা হৈছে। বঞ্চিত দৰিদ্ৰ মহিলা সকলে ৰাজপথত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে।
বিভাগীয় গাফিলতিৰ বাবে এনেধৰণৰ সমস্যাত ভুগিব লগা হোৱা বুলি বিক্ষোভকাৰীসকলে আকাশ-বতাহ কঁপাই তোলে। এতিয়া দৰিদ্ৰ লোকসকলে এসাঁজ খাই এসাঁজ লঘোনে থাকি জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। প্ৰতিবাদকাৰী সকলে শীঘ্ৰে ৰেচন কাৰ্ডৰ চাউল যোগান ব্যৱস্থা কৰিবলৈ দাবী জনায় ।
-ফাৰুক হুছেইন , ৰঙিয়া