নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াৰ নবোদয় বিদ্যালয়ত অঘটন, এদল জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত আহত কনিষ্ঠ ছাত্র, আটক ১০ অভিযুক্ত ছাত্র

নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰীঃ ৰঙিয়া জৱাহৰ নবোদয় বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি । জ্যেষ্ঠ ছাত্ৰৰ হাতত ৰেগিঙৰ বলি হ’ল কনিষ্ঠ ছাত্র । জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত গুৰুতৰভাৱে আহত এজন ছাত্ৰ । সংকট জনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি । ছাত্র জনৰ ঘৰ ৰঙিয়াত । অভিভাৱক আৰু অধ্যক্ষৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে অভিযুক্ত ১০ ছাত্রক । ৰঙিয়া থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে । শৈক্ষিক বাতাবৰণ অক্ষুন্ন ৰখাৰ আহ্বান ৰঙিয়া মহকুমা ছাত্র সন্থাৰ । ঘটনাৰ উচিত তদন্তৰ লগতে দোষী ছাত্ৰক শাস্তিৰ দাবী । নবোদয় বিদ্যালয় কৰ্তৃপক্ষ ব্যৰ্থ হোৱাৰ অভিযোগ আছুৰ ।

প্ৰেৰকঃ ফাৰুক হুছেইন , ৰঙিয়া  

You might also like