ৰহা টোলগেটত আৰক্ষীৰ পোছাক পিন্ধি টোল সংগ্রহ
নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰ: অসম্পূর্ণ আৰু বিধ্বস্ত ৰাষ্ট্রীয় ঘাহপথেৰে ৰাইজে বিপদসংকুল যাত্রাপথত এতিয়া নগাঁৱৰ পৰা গুৱাহাটীলৈ দুটাকৈ টোলগেটত আৰু হোজাই জিলাৰ পৰা গুৱাহাটীলৈ তিনিটাকৈ টোলগেটত বৃহৎ পৰিমাণৰ টোল আদায় দিবলৈ বাধ্য হৈছে৷ কিন্তু ইয়াৰ মাজতে এই টোলগেটসমূহত নিয়োজিত একাংশ কর্মচাৰীৰ ঔদ্ধতালিৰ বাবেও বহু সময়ত ৰাহজে জীয়াতু ভুগিব লগা হৈছে৷ বিশেষকৈ নিশা হ’লেই টোলগেটৰ একাংশ কর্মচাৰীৰ আচৰণ সলনি হয়৷
চৰকাৰী সকলো নীতি–নির্দেশনা ভৰিৰে মোহাৰি সেই কর্মচাৰীসকলে নিশাৰ ভাগত যান–বাহনৰ পৰা বলপূর্বক অত্যধিক কৰ বিচৰা, অত্যধিক কৰ আদায় দিবলৈ অসন্মত হ’লে গাডীৰ গৰাকী, চালকৰ সৈতে সংঘাতত লিপ্ত হোৱা, বিভিন্ন ভয়–ভাবুকি দিয়া, আনকি মাৰপিট পর্যন্ত কৰাৰ অনেক ঘটনা সংঘটিত হৈছে৷ জিলা তিনিখনৰ টোলগেটসমূহৰ কর্মচাৰীৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন হৈ অহাৰ সময়তে নগাঁও জিলাৰ ৰহাৰ সৰাগাঁৱৰ টোলগেটত এজন কর্মচাৰীয়ে আৰক্ষীৰ পোছাক পিন্ধি টোল সংগ্রহ কৰাক লৈ কালি নিশা এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়৷
কেইজনমান লোকে অভিযোগ কৰা মতে, আৰক্ষীৰ পোছাক পিন্ধি টোলগেটৰ কর্মচাৰীজনে টোল সংগ্রহ কৰে৷ নিশা হ’লেই সুৰাৰ ৰাগিত মাতাল হৈ অভব্য আচৰণ কৰে টোলগেটৰ একাংশ কর্মচাৰীয়ে৷ কালি নিশা ৰহা টোলগেটৰ টেক্স কালেক্টৰ ৰাজীৱ নাথে কর্তব্যৰ সময়ত আৰক্ষীৰ হউনিফর্মৰ এটা খাকী ৰঙৰ জেকেট পৰিধান কৰি টোল সংগ্রহ কৰে৷ এনেদৰে আৰক্ষীৰ পোছাক পৰিধান কৰি টোল সংগ্রহ কৰাৰ সময়ত দুর্ব্যৱহাৰ কৰাৰ অভিযোগ তুলি একাংশ লোক জাঙুৰ খাহ উঠে৷
এই সন্দর্ভত টেক্স কালেক্টৰ নাথে সাংবাদিকৰ আগত কয়– এহটো মোৰ দেউতাৰ জেকেট৷ দেউতাই পুলিচত চাকৰি কৰে৷ ঠাণ্ডা কাৰণে এহ জেকেটটোকে পিন্ধি আহিছিলোঁ৷ অৱশ্যে মই পিন্ধিব নালাগিছিল৷ ইপিনে, টেক্স কালেক্টৰজনৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ নস্যাৎ কৰি ৰহা টোলগেটৰ মেনেজাৰ গৌৰৱ কুমাৰ ডেকাই কয়– ইয়াত কোনেও বলপূর্বক অতিৰিক্ত টোল আদায় কৰা নাই৷ টেক্স কালেক্টৰজনে ভুলতে দেউতাকৰ জেকেটটো পিন্ধি আহিছিল৷ তেওঁ কাকো আৰক্ষী বুলি পৰিচয় দি ধন সংগ্রহ কৰা নাই৷ টোলগেটটোত একাংশ কর্মচাৰীৰ লগতে পোহনীয়া গুণ্ডা বাহিনীও সুৰাৰ ৰাগিত মাতাল হৈ থাকে বুলি উত্থাপিত অভিযোগো তেওঁ খণ্ডন কৰে৷