নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহা-বাগৰীত চোৰাং গৰু ভৰ্তি দুখন বাহন জব্দ; ধৃত ২

নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ নগাঁও জিলাৰ বিভিন্ন ৰাজপথক কৰিড’ৰ হিচাপে ব্যৱহাৰ কৰে চোৰাং গৰু সৰবৰাহকাৰী দল সমূহে।জিলা খনৰ আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি নগাঁও জিলাৰ বিভিন্ন ৰাজপথৰে বিভিন্ন ঠাইৰ লগতে শ্বিলং হৈ বাংলাদেশলৈ নিতৌ ট্ৰাকে ট্ৰাকে গৰু চোৰাংকৈ সৰবৰাহ অব্যাহত আছে বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপিত হৈ আহিছে। নগাঁও আৰক্ষীয়ে শেহতীয়াভাবে এই চোৰাং গৰু সৰবৰাহকাৰী চক্ৰবোৰৰ বিৰুদ্ধে অতি কঠোৰ হৈ অভিযান তীব্ৰতৰ কৰি তুলিছে। নগাঁও আৰক্ষীয়ে চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ ভূমিকা গ্ৰহণ কৰিছে।ইয়াৰ অংশ হিচাপে যোৱা নিশা নগাঁৱৰ আৰক্ষীয়ে জিলাখনৰ ৰহা আৰু বাগৰিত পৃথকে পৃথকে অভিযান চলাই চোৰাং গৰু সৰবৰাহ কৰা দুখন গৰুভৰ্তি ট্ৰাক জব্দ কৰাৰ লগতে ট্ৰাক দুখনৰ চালক দুজনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । জিলা‌ খনৰ ৰহা আৰক্ষীয়ে জব্দ কৰা ট্ৰাকখনৰ পঞ্জীয়ন নম্বৰ এ এছ ০১ এল চি ৫১৫৭জব্দ কৰা ট্ৰাকখনত আছিল ২৫ টাকৈ গৰু ।

আনহাতে,বাগৰি আৰক্ষীয়ে জব্দ কৰা ট্ৰাক খনৰ পঞ্জীয়ন নম্বৰ হ’ল এ এছ ০১এল চি ৩৪৪৬।এই ট্ৰাক খনত আছিল ২৩টা গৰু।ৰহাত জব্দ কৰা গৰু ভৰ্তি ট্ৰাক খনৰ চালক আব্দুল চাহিদ (২৪) আৰু বাগৰি আৰক্ষীয়ে জব্দ কৰা গৰু ভৰ্তি ট্ৰাক খনৰ চালক মুৰ্ছিদ আলী (২৮)কো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। নগাঁৱৰ আৰক্ষী সূত্ৰই জনোৱা মতে,এই চোৰাং গৰু ভৰ্তি ট্ৰাক দুখন দেৰগাঁও আৰু বোকাখাটৰ পৰা মেঘালয়ৰ বৰ্ণিহাট অভিমুখে আহি আহিল। বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত জিলা খনৰ ৰহা আৰু বাগৰি থানাৰ আৰক্ষীয়ে যোৱা নিশা ৩৭নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথত অভিযান চলাই চোৰাং গৰু ভৰ্তি ট্ৰাক দুখন জব্দ কৰিবলৈ সক্ষম হয়।ঘটণা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

You might also like