ৰহা সমষ্টিৰ দক্ষিণ পাৰে ভয়াৱহ বানৰ তাণ্ডৱ; বিধায়ক ডিম্বেশ্বৰ দাসে ল’লে বান পৰিস্থিতিৰ বুজ
নিয়মীয়া বাৰ্তা, ১৫ জুলাই: ৰাজ্যৰ চৌদিশে মহামাৰী কৰ’ণা ভাইৰাছৰ তীব্ৰ সন্ত্ৰাসৰ মাজতেই ভূতৰ ওপৰত দানৱ পৰা লেখিয়া প্ৰলয়ংকাৰী বানপানীয়ে চলাই তাণ্ডৱ। এই তাণ্ডৱত ত্ৰাহি মধুসূধন সোঁৱৰিছে অসমৰ জনতাই। কি মাজুলী, কি লখিমপুৰ,কি মৰিগাঁও।উজনি-নামনিত বানৰ তাণ্ডৱ।সেইদৰে মধ্য অসমতো চলিছে বানৰ প্ৰচণ্ড তাণ্ডৱ। শেহতীয়াকৈ দুটা মাহৰ ভিতৰত কপিলী-বৰপানী নদীৰ জলপৃষ্ঠ বৃদ্ধি হৈ ৰহা সমষ্টিৰ বিস্তৃত অঞ্চলত চতুৰ্থবাৰলৈ বানপানীয়ে চলালে সন্ত্ৰাস।
শনিবাৰৰ পৰা নেৰানেপেৰা বৰষুণ আৰু কাৰ্বিলাংপি জলবিদ্যুত প্ৰকল্পৰ খুলি দিয়া গেটৰ ফলত ৰহা সমষ্টিৰ গাৰুখুন্দা, প্ৰমিলা, কমাৰগাঁও, মাধৱপাৰা , হাতীগড় আদি বহু পঞ্চায়তত পুনৰ অধিক পৰিমাণে বানপানীয়ে সন্ত্ৰাস চলাই। শেহতীয়াকৈ বগলাজান পঞ্চায়তৰ পশ্চিম কাকতিগাঁৱত মঙ্গলবাৰে পুৱাৰ ভাগত কপিলীৰ মাথাউৰি ভাগি বহু ঠাই জলমগ্ন কৰি তোলে। স্থানীয় ৰাইজৰ অভিযোগ মতে কাকতিগাঁও মাথাউৰিটো পূৰ্বৰ সময়ৰ পৰাই অতি বিপদজনক হৈ আছিল যদিও চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই কোনো বিহীত ব্যৱস্থা গ্ৰহণ নকৰাত মঙ্গলবাৰে অতি ভয়াৱহ পৰিস্থিতিৰ মুখামুখি হয় স্থানীয় ৰাইজ। কপিলী নদীৰ তীব্ৰ সোঁতত কাকতিগাঁও দুৰ্বল মাথাউৰিটো ভাগি যোৱাত অতি কমসময়ৰ ভিতৰতে বহুতৰে ঘৰদুৱাৰ পানীৰ তলত ডুব যোৱাৰ লগতে অঞ্চলটোৰ প্ৰায় পাঁচশটা পৰিয়াল বানপানীৰ কৱলত পৰিব লগা হয়।
বিয়লি ভাগলৈ ৰহাৰ স্থানীয় বিধায়ক ডিম্বেশ্বৰ দাস আৰু ৰাজহ চক্ৰ বিষয়াই অঞ্চল সমূহ পৰিদৰ্শন কৰি ঘটনাস্থলীৰ বুজ লয়। বিধায়ক গৰাকীয়ে জানিব দিয়া মতে এই বানপানীৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলক ৰেচন পাতি আৰু জীৱ-জন্তুৰ দানা সমূহ শীঘ্ৰে যোগান ধৰিবলৈ জিলা উপায়ুক্ত গৰাকীক আহ্বান জনাইছে বুলি মন্তব্য কৰিছে।