নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাইজে যাক পচন্দ কৰে তেওঁৱেই হ’ব পৰৱৰ্তী বিটিচি প্ৰধানঃ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ বিটিচিৰ পৰিষদীয় নিৰ্বাচনত আমি ২০খনতকৈ অধিক আসন পাম। বিজেপিৰ সৈতে অব্যাহত আছে আমাৰ মিত্ৰতা। ৰাইজে যাক পচন্দ কৰে তেওঁৱেই হ’ব পৰবৰ্তী বিটিচি প্ৰধান। বাক্সাৰ শালবাৰীত অনুষ্ঠিত হোৱা BPFৰ এখন জনসভাত এই মন্তব্য মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ।

     তেওঁ লগতে কয় যে BPF-এ পৰৱৰ্তী চৰকাৰ গঠন কৰাটো নিশ্চিত। হাগ্ৰাম মহিলাৰীৰ নেতৃত্বতেই হ’ব চৰকাৰ। বিগত ১৫ বছৰে BPF-এ বহু উন্নয়ন মূলক কাম কৰি আহিছে। এই জনসভাতেই কংগ্ৰেছ, অবড়ো সংগঠন আৰু UPPLৰ প্ৰায় ৩০০ কৰ্মীয়ে আনুষ্ঠানিকভাৱে BPFত যোগদান কৰে। 

You might also like