ৰাজ্যত ৭০০তকৈ অধিক লোক প্লাজমা দিবলৈ আগ্রহী; ৩০০ৰ পঞ্জীয়ন
নিয়মীয়া বাৰ্তা, ১ আগষ্টঃ এইপর্যন্ত ৰাজ্যত ৪০ হাজাৰৰ অধিক লোক আক্রান্ত হোৱা মহামাৰী ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজত প্লাজমা থেৰাপীয়ে গুৰুত্বপূর্ণ ভূমিকা ল’ব বুলি আশা প্রকাশ কৰা হৈছে৷ ইতিমধ্যে ৯৮জন লোকৰ প্রাণ কাঢ়ি নিয়া ক’ৰোনাক প্রতিৰোধৰ বাবে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ আহ্বানৰ প্রতি সঁহাৰি জনাই প্লাজমা দানৰ বাবে আগ্রহ প্রকাশ কৰিছে ৭ শতাধিক লোকে৷ ক’ৰোনাত আক্রান্ত হৈ সুস্থ হৈ উঠা এই লোকসকলে ১০৪, ছ’চিয়েল মিডিয়া, ফোন আৰু মেইলযোগে প্লাজমা দিবলৈ আগ্রহ প্রকাশ কৰিছে৷ ৰাষ্ট্রীয় স্বাস্থ্য মিছন, অসমে ৩০ জুলাইত প্রকাশ কৰা তথ্য মতে, ৭ শতাধিক লোকে প্লাজমা দিবলৈ আগ্রহ কৰি স্বাস্থ্য বিভাগৰ লগত যোগাযোগ কৰাৰ লগতে ৩০০ লোকে প্লাজমা দানৰ বাবে নিজৰ নাম পঞ্জীয়ন কৰিছে৷ তাৎপর্যপূর্ণ কথাটো হ’ল স্বাস্থ্যমন্ত্রীৰ আহ্বানৰ প্রতি সঁহাৰি জনাই বহিঃৰাজ্যৰ পৰাও ১৫জন লোকে প্লাজমা দান কৰিবলৈ স্বাস্থ্য বিভাগৰ সৈতে যোগাযোগ কৰিছে৷ তদুপৰি ১০৬জন লোকক স্ক্রীনিং কৰাৰ পিছত প্লাজমা দান কৰিবলৈ মতা হৈছে আৰু ইয়াৰে ৫৫জন লোকে যাৱতীয় পৰীক্ষা–নিৰীক্ষা সম্পন্ন কৰাৰ পিছত প্লাজমা দান কৰিবলৈ সক্ষম হৈছে৷
ইতিমধ্যে তেজপুৰ মেডিকেল কলেজ হাস্পতাল আৰু যোৰহাট মেডিকেল কলেজ হাস্পতালত প্লাজমা ফেৰেছিছ মেচিন স্থাপন কৰা হৈছে আৰু ডিব্রুগড়ৰ অসম মেডিকেল কলেজতো অচিৰেই এই মেচিন স্থাপন কৰা হ’ব৷ প্লাজমা দান কৰিব বিচৰাসকলক ৰাষ্ট্রীয় স্বাস্থ্য মিছন অসমে ১০৪ নম্বৰত ফোন কৰিবলৈ আহ্বান জনাইছে৷ তদুপৰি প্লাজমা দানৰ বাবে আগ্রহীসকলে ০৩৬১–২৫৫৮৯৫৫ নম্বৰত ফোন কৰি আৰু[email protected]ত মেইল কৰি প্লাজমা দানৰ বাবে যোগাযোগ কৰিব পাৰিব৷ উল্লেখ্য যে এজন লোকে দান কৰা প্লাজমাৰে দুজন ক’ৰোনাত আক্রান্ত লোকক সুস্থ কৰি তুলিব পাৰি বুলি উল্লেখ কৰিছে স্বাস্থ্যমন্ত্রী ড০ শর্মাই৷