ৰাজ্যসভা নিৰ্বাচনক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য বদৰুদ্দিন আজমলৰ
নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ ‘‘এইবাৰ আমাক লাগে। আমি এআইইউডিএফে সদায় কংগ্ৰেছক সহযোগ কৰিছোঁ।’’ -এই ভাষ্য ধুবুৰীৰ সাংসদ তথা এআইইউডিএফ চুপ্ৰিমো বদৰুদ্দিন আজমলৰ। আজি ধুবুৰীস্থ জিলা উপায়ুক্তৰ কাৰ্যালয় প্ৰেক্ষাগৃহত আয়োজিত জিলা উন্নয়ণ সমন্বয় আৰু নিৰীক্ষণ সমিতি (দিশা)ৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশ লোৱাৰ পিছত আগন্তুক ৰাজ্যসভা নিৰ্বাচনত এআইইউডিএফে কি ভূমিকা ল’ব সেয়া লৈ সাংবাদিকে শুধা এক প্ৰশ্নৰ উত্তৰত আজমলে এইদৰে কয়।
লগতে তেখেতৰ তাৎপৰ্যপূৰ্ণ মন্তব্য, ‘‘আমি ১৫টা ৰাখিলে কংগ্ৰেছে ২৫টাৰে কিবা কৰিবো পাৰিব নেকি! আমি নিদিলে কংগ্ৰেছে ২৫টাৰে একো কৰিব নোৱাৰে। আমি সদায় দি আহিছোঁ; এইবাৰ কংগ্ৰেছে বহল মনৰ পৰিচয় দিয়ক। দিয়ক আমাক।’’ আনহাতে সম্প্ৰতি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ‘দীঘলীয়া ইনভেষ্টমেন্ট’ শীৰ্ষক মন্তব্যৰ ওপৰত ক’বলৈ গৈ আজমলৰ দাৱী এয়াও যে এআইইউডিএফৰ ১৫ টাৰ ১৫টাই অটুট আছে।
উল্লেখ্য যে, ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ তথা ধুবুৰী জিলা ‘দিশা’ৰ অধ্যক্ষ মৌলানা বদৰুদ্দিন আজমলৰ সভাপতিত্বত অনুষ্ঠিত আজিৰ সেই বৈঠকখনত বিভিন্ন বিভাগৰ কাম-কাজ পৰ্যালোচনা কৰা হয়৷ বৈঠকত স্বাস্থ্য, লোকনিৰ্মাণ, জলসম্পদ, জিলা পৰিষদ, জিলা গ্ৰামোন্নয়ণ অভিকৰণ, জনস্বাস্থ্য কাৰিকৰী, কৃষি, ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান, বেংক, সৰ্বশিক্ষা, মধ্যাহ্ন ভোজন, চৰ অঞ্চল উন্নয়ণ, জলসিঞ্চন, মীন, টেলিকম, বেংক আদি বিভিন্ন বিভাগৰ কাম-কাজ আৰু কাৰ্যসূচীৰ পুংখানুপুংখ পৰ্যালোচনা কৰা হয়।
বৈঠকখনত বিলাসীপাৰা পশ্চিম সমষ্টিৰ বিধায়ক হাফিজ বছিৰ আহমেদ, ধুবুৰী সমষ্টিৰ বিধায়ক নজৰুল হক, গৌৰীপুৰ সমষ্টিৰ বিধায়ক নিজানুৰ ৰহমান, বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক ছামচুল হুদা, গোলকগঞ্জ সমষ্টিৰ বিধায়ক আব্দুছ ছোবাহান আলী চৰকাৰ, ধুবুৰী জিলা পৰিষদৰ সভাপতি প্ৰমুখ্যে কেবাজনো পঞ্চায়ত প্ৰতিনিধি, ধুবুৰী জিলা উপায়ুক্ত অন্বামুথন এম পি, জিলা উন্নয়ণ আয়ুক্ত কান্তা দাসৰ লগতে বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়া সকল উপস্থিত থাকে।
প্ৰেৰকঃ অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী