নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্য চৰকাৰৰ প্ৰশাসনীয় সংস্কাৰঃ মৰিগাঁৱৰ শৰৎ ডেকাই অৱসৰৰ দিনটোতে লাভ কৰিলে পেঞ্চনৰ ফাইল

নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰীঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰশাসনিক সংস্কাৰৰ ক্ষেত্ৰত গ্ৰহণ কৰা বিভিন্ন প্ৰদক্ষেপে চৰকাৰী বিভাগ সমূহক জন সেৱা ৰ স্থলীলৈ ৰূপান্তৰ কৰাৰ এক প্ৰচেষ্টা অব্যাহত ৰাখিছে। চৰকাৰী বিষয়া কৰ্মচাৰীৰ অৱসৰ গ্ৰহণ এতিয়া যেন সন্মানজনক বিদায়। মৰিগাঁও লোকনিৰ্মান বিভাগৰ ক্ষেত্ৰীয় কাজলয়ৰ উচ্চ বৰ্গ সহায়ক শৰৎ ডেকাই আজি অৱসৰ গ্ৰহণৰ দিনাই লাভ কৰিলে পেঞ্চনৰ যাবতীয় নিৰ্দেশ সম্বলিত ফাইল। মৰিগাঁও ক্ষেত্ৰীয় সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা অভিজিৎ চৌধুৰীয়ে আজি বিভাগৰ বিভিন্ন বিষয়া কৰ্মচাৰীৰ উপস্থিতিত এক আবেগিক পৰিবেশত পেঞ্চন ৰ ফাইল সহ বিদায় সম্ভাষণ জনাই বিদায়ী কৰ্মচাৰী গৰাকীক। কাৰ্যবাহী অভিযন্তা অভিজিৎ চৌধুৰীয়ে কৈ যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৰ যি আহ্বান যে প্ৰতিটো বিভাগ জনসেৱা ৰস্থলীলৈ ৰূপান্তৰ হব লাগে সেই চেষ্টা তেওঁলোকে এইদৰে আৰম্ভ কৰিছে আৰু অনাগত সময়ত সেৱাৰ মনোভাৱে ৰে কাম কৰি যাব।

You might also like