নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাণী শগুন গৱেষণা কেন্দ্রৰ বদান্যতাঃ সুস্থ হৈ মুক্ত আকাশলৈ উৰি গুচি গ’ল ১৪ দুষ্প্রাপ্য শগুন

নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ পূব কামৰূপ বন সংমণ্ডলৰ নালাপাৰাত থকা ৰাণী বনাঞ্চিক কার্যালয়ৰ অন্তর্গত জৰাশাল সংৰক্ষিত বনাঞ্চলত বৃহস্পতিবাৰে ১৪টা গুৰুতৰভাৱে অসুস্থ শগুনক ৰাণীস্থিত শগুন প্রজনন আৰু সংৰক্ষিত কেন্দ্রই আকাশত এৰি দিয়ে৷ ইয়াৰ উপৰি এটা দুষ্প্রাপ্য ঈগল ৰাণী শগুন গৱেষণা কেন্দ্র চৌহদত এৰি দিয়া হয়৷

উল্লেখ্য যে পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তর্গত ছয়গাঁৱৰ মিলনপুৰত যোৱা ১৭ মার্চত অস্বাভাৱিকভাৱে মৃত্যু হৈছিল ১১২টাকৈ হিমালয়ান গ্রিফন প্রজাতিৰ শগুন আৰু এটা ঈগল৷ আনহাতে, গুৰুতৰভাৱে অসুস্থ হৈছিল ১২টাকৈ শগুন আৰু এটা ঈগল৷ এই খবৰে সমগ্র ৰাজ্যৰ প্রকৃতিপ্রেমী লোকৰ হূদয় চুই গৈছিল৷ আহত শগুনকেইটা ৰাণীৰ শগুন গৱেষণা কেন্দ্রৰ চিকিৎক ডাঃ শশীন ৰাণা দে’ই উদ্ধাৰ কৰি ৰাণীলৈ উন্নত চিকিৎসাৰ বাবে লৈ আহে৷

উল্লেখ্য যে কোনো দুষ্ট প্রকৃতিৰ লোকে অঞ্চলটোত চলি থকা কুকুৰৰ সন্ত্রাস ৰোধ কৰিবলৈ মৃত ছাগলীৰ ওপৰত কুকুৰক মাৰিবলৈ বিহ প্রয়োগ কৰিছিল বুলি জানিব পৰা গৈছে৷ পিছে কুকুৰৰ পৰিৱর্তে শগুনে মৃত ছাগলী ভক্ষণ কৰাত মৃত্যু হয় শতাধিক দুষ্প্রাপ্য শগুনৰ৷ কালি সুস্থ হোৱাৰ ১৫ দিন পাছত ৰাণীৰ জৰাশাল সংৰক্ষিত বনাঞ্চলৰ শালগছৰ বাগানত মুক্ত আকাশত এৰি দিয়ে শগুনকেইটা৷ প্রথমে কুলচীৰ বনাঞ্চিক বিষয়া দ্বীপন ডেকা আৰু ৰাণীৰ বনাঞ্চিক বিষয়া জয়ন্ত গোস্বামীয়ে দুটা শগুন এৰি দিয়াৰ পাছত গৱেষক ডাঃ শশীন ৰাণা দে’ই এটা এটাকৈ শগুনকেইটা এৰি দিয়ে৷ এই দৃশ্য চাবলৈ বহু প্রকৃতিপ্রেমী উপস্থিত হয়৷

You might also like