ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে ধুবুৰী আৰক্ষীৰ উদ্যোগত চাইকেল ৰেলীৰ আয়োজন
নিয়মীয়া বাৰ্তা, ৩০ অক্টোবৰঃ আজি ৩১ অক্টোবৰ। ভাৰতৰত্ন লৌহমানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ আজিৰ এই জন্মজয়ন্তীৰ দিনটো সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে ধুবুৰীতো ‘ৰাষ্ট্ৰীয় একতা দিৱস’ ৰূপে পালন হয়। সেই উপলক্ষে আজি পুৱা ধুবুৰী আৰক্ষীৰ উদ্যোগত আৰু সীমান্ত চেতনা মঞ্চ, পূৰ্বোত্তৰৰ উপৰিও স্থানীয় অইন কেইবাটাও স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত এক চাইকেল ৰেলীৰ আয়োজন কৰা হয়। দেশৰ একতা অখণ্ডতা ৰক্ষাৰ সংকল্পেৰে ধুবুৰী আৰক্ষী ছাউনিৰ পৰা আৰম্ভ হোৱা সেই চাইকেল ৰেলীটো ধুবুৰীৰ সমীপৰ গৌৰীপুৰৰ গণেশ আখৰালৈ যাত্ৰা কৰে আৰু তাৰে পৰা পুনৰ ওভোতনি যাত্ৰাৰে ধুবুৰীৰ আৰক্ষী ছাউনিত উপস্থিত হোৱাৰ পিছত আজিৰ সেই চাইকেল ৰেলীৰ কাৰ্য্যসূচীৰ অন্ত পৰে।
উল্লেখ্য যে, আজিৰ সেই চাইকেল ৰেলীটোত ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক অভিজিত গুৰাৱকে ধৰি আৰক্ষীৰ অন্য বিষয়া–জোৱানৰ উপৰিও ৰাইজেও অংশ লয়।
Input: অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী