নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাস চাই উভতি আহোতে প্ৰাণ হেৰুৱালে তিনি যুৱকে; নিশা দৰংগিৰিত শোকাবহ পথ দুৰ্ঘটনা

নিয়মীয়া বাৰ্তা, ৮ নৱেম্বৰঃ ৰাস মহোৎসৱকলৈ সমগ্ৰ ৰাজ্যত উৎসৱ মুখৰ পৰিবেশ বিৰাজ কৰাৰ মাজতে যোৱা নিশা দৰংগিৰিত  সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে I এই শোকাবহ দুৰ্ঘটনাত ৩ গৰাকীকৈ যুৱক প্ৰাণ হেৰুৱাইছে l ৰংজুলি থানাৰ অন্তৰ্গত  দৰংগিৰিৰ পেট্ৰ’ল পাম্প’ৰ সমীপত ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনাটো। জানিব পৰা মতে ধনুভাঙাৰ পৰা পালচাৰ বাইকেৰে(AS-18-K-6829) দুধনৈৰ ৰাস মহোৎসৱ উপভোগ কৰিবলৈ যোৱা যুৱক কেইজনে  পুনৰ ধনুভাঙালৈ উভতি অহা সময়তে দৰংগিৰিৰ পেট্ৰ’ল পাম্পৰ সমীপত  অচিনাকি বাহনে বাইক খনক খুন্দিয়াই যোৱাৰ ফলত দুজন যুৱক থিতাতে নিহত হয় । আনহাতে বাইক খনত থকা আন এগৰাকী যুৱক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গোৱালপাৰালৈ নিয়াৰ পথত মৃত্যু ঘটে বুলি জানিব পৰা গৈছে । নিহত যুৱক কেইগৰাকী ক্ৰমে – ধনুভাঙাৰ গুলিয়ানপাৰা গাঁৱৰ অৱনী বড়ো ,দুধনৈ-পুৰণিভিটাৰ জিতুল ৰাভা আৰু ধনুভাঙা-দুৰামাৰী গাঁৱৰ মানৱ বড়ো বুলি জানিবলৈ দিছে l উল্লেখযোগ্য যে দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে ৰংজুলি আৰু দৰংগিৰি আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পথত পৰি থকা  তিনি যুৱকক ৰংজুলি চিকিৎসালয়ত ভৰ্তি কৰিছিল যদিও দুগৰাকীক থিতাতে নিহত বুলি ঘোষণা কৰে l আনহাতে এগৰাকী গোৱালপাৰা চিকিৎসালয়লৈ নিয়াৰ পথত নিহত হয় বুলি জানিবলৈ দিয়ে l পৰবৰ্তী সময়ত থিতাতে নিহত যুৱক দুগৰাকীৰ মৃতদেহ ৰংজুলি থানালৈ লৈ আনি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰা হয় l দুৰ্ঘটনা স্থলীত চুচূৰ্মৈ হৈ পৰে পালচাৰ মটৰ চাইকেল এখন !  মটৰচাইকেল খনৰ পঞ্জীয়ন নম্বৰ এ এছ ১৮ কে ৬৮২৯ (AS-18-K-6829) l আনহাতে মটৰচাইকেল খন মহতীয়াই নিয়া বাহন খন পলায়ন কৰিছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে l
You might also like