নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰিপুণ বৰাৰ ঘনিষ্ঠ ধেমাজি কানাড়া বেংকৰ মেনেজাৰ কালিদাসে লুটিলে গ্রাহকৰ ১.৮০ কোটি টকা

নিয়মীয়া বাৰ্তা ১৪ ফেব্ৰুৱাৰীঃ কংগ্রেছ দলৰ প্রার্থিত্বপ্রয়াসীৰ জালিয়াতি কাণ্ডই জোকাৰিছে উত্তৰ অসম৷ নিজকে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাৰ অত্যন্ত ঘনিষ্ঠ বুলি পৰিচয় দিয়া, ধেমাজি শাখা কানাড়া বেংকৰ ভাৰপ্রাপ্ত মেনেজাৰগৰাকীয়ে প্রৱঞ্চনাৰে গ্রাহকৰ পৰা ১.৮০ কোটি টকা সৰকোৱাৰ এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷ অভিযোগ অনুসৰি বেংকটোৰ ভাৰপ্রাপ্ত মেনেজাৰ কালিদাস কামানে বিগত সময়ছোৱাত বিভিন্ন গ্রাহকৰ নামত ঋণৰ অনুমোদন দি মুঠ ১.৮০ কোটি টকা আত্মসাৎ কৰিছে৷ তেওঁ এই জালিয়াতি সংঘটিত কৰি আহিছিল বিগত বর্ষৰ ছেপ্ঢেম্বৰ মাহৰ পৰাই৷ কালিদাস কামানে গ্রাহকসকলৰ নামত তেওঁলোকৰ অজ্ঞাতে ঋণ অনুমোদন দিয়ে৷ তাৰ পাছত উক্ত ধনৰাশি আন একাউণ্টলৈ ট্রেন্সফাৰ কৰি নিজে সকলো ধন উদৰস্থ কৰে৷ এইদৰে ললিত মৰাণ বৰুৱা নামৰ গ্রাহকজনৰ নামত বিভিন্ন সময়ত মুঠ ৩০ লাখ টকা ঋণ দেখুৱাই মেনেজাৰ কামানে উক্ত সমূদায় ধন আত্মসাৎ কৰে৷

মুনীন্দ্র শইকীয়া নামৰ গ্রাহকজনৰ নামত ১১ লাখ টকা, ৰঞ্জন কোঁৱৰৰ নামত ১ লাখ ঋণ দেখুৱাই আত্মসাৎ কৰে৷ ইয়াৰ সমান্তৰালভাৱে প্রায় ৪০জন গ্রাহকৰ নামত বিভিন্ন সময়ত ২ লাখৰ পৰা ৩০–৩৫ লাখ পর্যন্ত ভুৱা ঋণ দেখুৱাই ভাৰপ্রাপ্ত মেনেজাৰ কালিদাস কামানে গ্রাহকৰ একাউণ্টৰ পৰা প্রায় ১.৮০ কোটি টকা আত্মসাৎ কৰা বুলি ভুক্তভোগী গ্রাহকে অভিযোগ উত্থাপন কৰিছে৷ অভিযোগ অনুসৰি কোনো গ্রাহকে ম’বাইল এছ এম এছৰ জৰিয়তে নিজৰ একাউণ্টত ধন জমা আৰু উলিয়াই নিয়াৰ বিষয়ে তথ্য লাভ কৰি বেংক কর্তৃপক্ষৰ লগতে ভাৰপ্রাপ্ত মেনেজাৰ কালিদাস কামানৰ ওচৰত অভিযোগ দাখিল কৰিলেও মেনেজাৰ কামানে বিভিন্ন ছলাহি কথাৰে ধন ঘূৰাই দিয়াৰ মিছা প্রতিশ্রুতি দিয়ে৷ জানিব পৰা মতে, বেংকটোৰ ঊর্ধ্বতন কর্তৃপক্ষই এই বিষয়ে জানিব পাৰি ভাৰপ্রাপ্ত মেনেজাৰ কালিদাস কামানক বর্তমান পদৰ পৰা অপসাৰণ কৰি ৰাখিছে৷ এজন বেংক মেনেজাৰে গ্রাহকৰ নামত ভুৱা ঋণ মঞ্জুৰ কৰি ডেৰ কোটিৰো অধিক টকা আত্মসাৎ কৰিবলৈ কেনেকৈ সুবিধা পালে, ই এক ৰহস্যৰ বিষয় হৈ পৰিছে৷ এইক্ষেত্রত কানাড়া বেংকৰ ঊর্ধ্বতন কর্তৃপক্ষই ৰহস্যজনকভাৱে বিষয়াজনক ৰক্ষণাবেক্ষণ দি গ্রাহকক প্রতাৰণা কৰিছে বুলিও অভিযোগ উত্থাপন হৈছে৷

লক্ষণীয়ভাৱে জালিয়াতিত লিপ্ত কালিদাস কামানে কংগ্রেছ দলৰ পৰা ঢ়কুৱাখনা সমষ্টিত প্রার্থিত্ব বিচাৰি প্রাক্তন কংগ্রেছী মন্ত্রী ভৰত নৰহৰ প্রার্থিত্বত প্রত্যাহ্বান জনাইছে৷ তদুপৰি প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই আগন্তুক বিধানসভা নির্বাচনত দলটোৰ যুৱ প্রার্থীৰ তালিকাত বেংক বিষয়া কালিদাস কামানৰ নাম কেন্দ্রীয় নেতৃত্বলৈ প্রেৰণ কৰা বুলিও দলটোৰ এক সূত্রত প্রকাশ কৰিছে৷ এনে এজন দুর্নীতিত নিমজ্জিত বেংক বিষয়াক কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই দলীয় প্রার্থী হিচাপে প্রক্ষেপ কৰা কার্যত ভুক্তভোগী গ্রাহকে আশ্চর্য প্রকাশ কৰিছে৷

You might also like