ৰূপহীহাটৰ আমবাগান আৰক্ষীৰ অভিয়ানত মাফিয়া নুৰ হুছেইনৰ পৰা উদ্ধাৰ পিষ্টলসহ দুইজাই সক্ৰিয় গুলি
নিয়মীয়া বাৰ্তা, ১১ জুনঃ ৰূপহীহাটৰ আমবাগান আৰক্ষীয়ে অভিয়ান চলাই চামগুৰি সমষ্টিৰ ভগামুখৰ নুৰ হুছেইনৰ ঘৰৰ পৰা এটা পিষ্টল আৰু দুইজাই সক্ৰিয় গুলি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ কুখ্যাত ডকাইত আৰু ড্ৰাগছ মাফিয়া যোৱা কিছুদিন পূৰ্বে ড্ৰাগছ সহ গ্ৰেপ্তাৰ হৈ তেজপুৰ কাৰাগাৰৰ আলহী হৈ আছে ৷ যোৱা কিছুদিন পূৰ্বে আমবাগানৰ ভাটিয়াখালিত বেংকৰ চিএছপিক ডকাইতি কাণ্ড সংগঠিত কৰিছিল৷ উক্ত ডকাইতি কাণ্ডৰ লগত জড়িত জিয়াবুৰ ৰহমানক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে৷ আৰক্ষীয়ে ডকাইতি কাণ্ডৰ লগত জড়িত জিয়াবুৰৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে তেজপুৰ কাৰাগাৰৰ পৰা আবেদন কৰি নুৰুল হকক নিজৰ জিম্মাত আনে ৷ আৰক্ষীয়ে নিজৰ জিম্মাত নুৰুল হকক লৈ ভগামুখত অভিয়ান চলাই ৷ অভিয়ানত আৰক্ষীয়ে নুৰুল হকৰ ঘৰৰ পৰা এটা পিষ্টল আৰু দুইজাই সক্ৰিয় গুলি উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে অধিক তথ্যৰ বাবে নুৰুল হকক জেৰা অব্যাহত ৰাখিছে ৷