নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০০০ কিঃমিঃ মথাউৰি পকীপথলৈ উন্নীত কৰা হ’ব: মন্ত্ৰী পীযূষ হাজৰিকা

নিয়মীয়া বাৰ্তা, ৯ ফেব্ৰুৱাৰী : বৰাক নদীৰ ভগ্ন অংশ অস্থায়ী ব্যৱস্থাৰে শেষ কৰাৰ নিৰ্দেশ দিলে জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাই । তদুপৰি বাজেট অধিৱেশনৰ পিছত নদীৰ খহনীয়া নিয়ন্ত্ৰণৰ বাবে স্থায়ী ব্যৱস্থা আৰম্ভ কৰাৰ আশ্বাস দিয়ে তেওঁ। বুধবাৰে সোনাই সমষ্টিৰ উত্তৰ কৃষ্ণপুৰ ২ খন্ডৰ বৰাক নদীৰ ভগ্ন অঞ্চলসমূহ পৰিদৰ্শন কৰি এই নিৰ্দেশ দিয়ে জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাই। তেওঁ কয়, বৰাক উপত্যকাৰ প্ৰধান নদী বৰাক নদীয়ে ইয়াৰ বাঁওপাৰে উত্তৰ কৃষ্ণপুৰ অঞ্চলত সৃষ্টি কৰি অহা খহনীয়া পৰিদৰ্শন কৰে আৰু এই খহনীয়া প্ৰতিৰোধৰ বাবে ৪০০ লাখ টকা ব্যয়েৰে প্ৰতিৰোধ প্ৰজেক্টৰ অগ্ৰগতিৰ বুজ লয় মন্ত্রীয়ে ।

লক্ষীপুৰ সমষ্টিৰ চিংগাৰবন্দত অনুষ্ঠিত সভাত তেওঁ কয়, বান সমস্যা সমাধানৰ লগতে পৰিবহণ ব্যৱস্থা সুচল কৰিবৰ বাবে প্ৰায় ১,০০০ কিলোমিটাৰ মথাউৰি পকীপথলৈ উন্নীতকৰণ পদক্ষেপৰ অংশস্বৰূপে আজি বৰাক নদীৰ পাৰত চিংগাৰবন্দৰ পৰা এছ.এম. ৰোডলৈকে মথাউৰিৰ পকীকৰণ আঁচনিৰো শিলান্যাস কৰে। তেওঁ কয়,৭৬৩.৫৩ লাখ ব্যয় সাপেক্ষে লোকনিৰ্মাণ (পথ) বিভাগে নিৰ্মাণ কৰিবলৈ লোৱা এই পথে নদীপৰীয়া ৰাইজক বানপানীৰ পৰা সকাহ দিয়াৰ লগতে সুচল যাতায়াত ব্যৱস্থা প্ৰদান কৰিব। পৃথক পৃথক অনুষ্ঠানত বিধায়ক কৌশিক ৰয়, বিধায়ক কৰিম উদ্দীন বৰভূঞা, উপায়ুক্ত কীৰ্তি জল্লি, জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা অচিত দেব উপস্থিত থাকে।

উল্লেখ্য, তিনি দিনীয়া ভ্ৰমণ সূচী লৈ বৰাক উপত্যকালৈ আহে মন্ত্ৰী পীয়ূষ হাজৰিকা। অনুষ্ঠানৰ পিছত বিধায়ক কৌশিক ৰয়ৰ বাসভৱনলৈ যায় মন্ত্রী হাজৰিকা। বিয়লি মন্ত্রীগৰাকীয়ে শিলচৰত বিজেপি কার্যালয়ত দলীয় সভাত যোগ দিয়ে। ইয়াৰ পিছত কাছাৰ জিলা উপায়ুক্ত কীৰ্তি জল্লিৰ কনফাৰেঞ্চত এখন সভাত অংশগ্ৰহণ কৰে। শিলচৰত নিশা কটাই বৃহস্পতিবাৰৰ দিনা হাইলাকান্দিত উপায়ুক্ত কার্যালয়ত এখন সভাত অংশ ল’ব মন্ত্রী হাজৰিকাই। তদুপৰি বিজেপিৰ কাৰ্যালয়ত দলীয় সভাত অংশ লৈ মন্ত্রী হাজৰিকা ৰামকৃষ্ণ নগৰ হৈ কৰিমগঞ্জত বিভিন্ন কার্যসূচীত অংশ লৈ নিশা শিলচৰলৈ ঘূৰি আহিব। বৃহস্পতিবাৰৰ দিনা নিশা শিলচৰত কটাই মন্ত্রী হাজৰিকা শুকুৰবাৰে পুৱা দিছপুৰলৈ উভতিব।
প্ৰেৰক গৌতম তালুকদাৰ

You might also like