নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত নতুনকৈ ১২,০০০ মহিলাই লাভ কৰিব অৰুণোদয় ৩.০-ৰেচন কাৰ্ড

বিশেষ বাৰ্তা, ১৯ ছেপ্টেম্বৰঃ অসম চৰকাৰৰ জনহিতৈষী আঁচনি ‘অৰুণোদয় ৩•০’ৰ আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেলী এই আঁ‌চনিৰ শুভাৰম্ভ কৰে। এই উপলক্ষ্যে মৰিয়নি বিধানসভা সমষ্টিত আজি এক বিশাল জনসভাৰ আয়োজন কৰা হয়। মৰিয়নিৰ নকছাৰিৰ সমীপৰ খাটিসোনা খেলপথাৰত আয়োজন কৰা এই সভাৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীৰ বক্তব্য পোনপটীয়াকৈ সম্প্ৰচাৰ কৰি ৰাইজক দেখুওৱা হয়। ইয়াৰ পিছতেই অনুষ্ঠিত সভাৰ আদৰণি ভাষন প্ৰদান কৰে যোৰহাট জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া বিপুল কুমাৰ দাসে। মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰি আজিৰ দিনটো এক ঐতিহাসিক দিন বুলি উল্লেখ কৰে। অসমৰ ৩৭ লাখৰো অধিক মহিলাই আজিৰ পৰা নতুনকৈ অৰুণোদয় আঁ‌চনিৰ সুবিধা লাভ কৰিব। এইয়া প্ৰকৃততেই এক ভাল খবৰ। এই আঁচনিৰ লগতে ৰাজ্যৰ দুখীয়া দৰিদ্ৰ মহিলাই এতিয়া ৰেচন কাৰ্ডৰো সুবিধা লাভ কৰিব। ফলত ৰেচন কাৰ্ড থকা মহিলাৰ পৰিয়ালে আয়ুষ্মান কাৰ্ডৰ জৰিয়তে পাঁ‌চ লাখ টকালৈকে চিকিৎসা সেৱা বিনামূলীয়াকৈ লাভ কৰিব। ইয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি বিধায়ক কুৰ্মীয়ে কয় মৰিয়নি সমষ্টিৰ পৰা নতুনকৈ ১২ হাজাৰ মহিলাই ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিৰ সুবিধা নতুনকৈ লাভ কৰিব। ইয়াৰ বাবে গঠন কৰি দিয়া সমিতি সমূহক সঠিকভাৱে কাম কৰিবলৈ আহ্বান জনাই বিধায়ক কুৰ্মীয়ে। প্ৰায় ৫ সহস্ৰাধিক লোক উপস্থিত থকা সভাখনত অতিৰিক্ত আয়ুক্ত দ্বীপময় ঠাকুৰীয়া, মৰিয়নি পৌৰসভাৰ পৌৰপতি বিশ্বপ্ৰভা শইকীয়া, মৰিয়নি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কুইন গগৈ আদিয়ে অংশগ্ৰহণ কৰে।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like